হামৰেন কাৰাগাৰৰ পৰা পলাল কয়দী - পলাতক দুজন কাৰাবন্দী
পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ পৰা দুজন কাৰাবন্দী পলায়ন
![হামৰেন কাৰাগাৰৰ পৰা পলাল কয়দী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3964018-thumbnail-3x2-prison.jpg)
হোজাই, 27 জুলাই : পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ পৰা শনিবাৰে দুজন কাৰাবন্দী পলায়ন ৷ আৰক্ষীৰ কটকটীয়া সুৰক্ষা থকা স্বতেও কাৰাবন্দী দুজনৰ পলায়নৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । আৰক্ষীৰ তথ্য মতে পলায়ন কৰা কাৰাবন্দী দুজনৰ নাম অতুল দেউৰী আৰু ছাৰৰ্চিং ৰংপি ৷ অতুল দেউৰী নামৰ কাৰাবন্দীজন নাৰী সংক্ৰান্তীয় গোচৰ আৰু বন্দুকৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ গোচৰত কাৰাবাস খাটি আছিল আনজন কাৰাবন্দী ছাৰৰ্চিং ৰংপিৰ । আৰক্ষীৰ জানিব দিয়ামতে পুৱা দেৱাল বগাই পলায়ন কৰে কাৰাবন্দী দুজন । এই ঘটনাক কেন্দ্ৰকৰি স্বাভাবিকতে প্ৰশ্ন উত্থাপিত হৈছে কাৰ্বি আংলং জিলাৰ হামৰেন কাৰাগাৰৰ সুৰক্ষাকলৈ ৷