যোৰহাট,17 জানুৱাৰীঃঅসমীয়া চলচ্চিত্ৰৰ জনক,সাহিত্য-সংস্কৃতিৰ অন্যতম মহীৰূহ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসামান্য অৱদান,জীৱন আৰু কীৰ্তিৰ অৱলোকন,গুণানুকীৰ্তনেৰে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ সাহিত্য সভা ভৱনৰ প্ৰাংগণত পালন কৰা হয় শিল্পী দিৱস ৷
জ্যোতি চিনে ক্লাৱৰ উদ্যোগত যোৰহাটত শিল্পী দিৱস উদযাপন - জ্যোতি চিনে ক্লাৱৰ উদ্যোগত যোৰহাটত শিল্পী দিৱস উদযাপন
যোৰহাটত অনুষ্ঠিত এই শিল্পী দিৱসত উপস্থিত থাকে ৰূপকোঁৱৰৰ জীয়ৰী জয়শ্ৰী চলিহা ৷
যোৰহাটত শিল্পী দিৱস উদযাপন
ৰূপকোঁৱৰৰ জীয়াৰী জয়শ্ৰী চলিহাই বন্তি প্ৰজ্বলনৰে আৰম্ভণি কৰা অনুষ্ঠানত তিনি বছৰীয়া শিশুয়েও পৰিৱেশন কৰে জ্যোতি সংগীত ৷ অসমীয়া জাতীয় জীৱনৰ ভেঁটি গঢ়োতা,তিনিওকালৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৬৯ তম দিৱস একেলগে পালন কৰে যোৰহাটৰ জ্যোতি চিনে ক্লাব,অসম সাহিত্য সভা,ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, আৰু যোৰহাট সংগীত শিল্পী সন্থাই।
লগতে পঢ়কঃ সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালালৈ শিল্পী দিৱসত শ্ৰদ্ধাঞ্জলী