অসম

assam

ETV Bharat / state

CAA ৰ বিৰুদ্ধে প্ৰতিবাদত অটল অসমীয়া - দৰঙত CAA বাতিলৰ দাবীত জনতাৰ নিনাদ কাৰ্যসূচী ৰূপায়ন

School teachers protest against CAA
দৰঙত CAA বাতিলৰ দাবীত জনতাৰ নিনাদ কাৰ্যসূচী ৰূপায়ন

By

Published : Jan 4, 2020, 4:39 PM IST

Updated : Jan 4, 2020, 9:11 PM IST

23:36 January 04

টীয়কত ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছাৰ প্ৰতিকৃতি দাহ আছুৰ

টীয়ক, 4 জানুৱাৰীঃ টীয়কত ৰাজ্যসভাৰ সাংসদ কামাখ্যা তাছাৰ প্ৰতিকৃতি দাহ আছুৰ ৷ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিজেপিৰ বুথ কমিটিৰ বৈঠকত সদৌ অসম ছাত্ৰ সন্থাক লৈ বিৰূপ মন্তব্য আগবঢ়োৱাৰ প্ৰতিবাদত টীয়ক প্ৰতিকৃতি দাহ কৰে সাংসদগৰাকীৰ ৷ টীয়কৰ মিধাখাত তিনিআলিত টীয়ক আঞ্চলিক ছাত্ৰ সন্থা,শিমলুগুৰি মৌজা আছু আৰু টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এই কাৰ্যসূচীৰ ৷ কামাখ্যা তাছা মুর্দাবাদ,কামাখ্যা তাছাৰ কাম নাই,CAA আমি নামানো,বিজেপি গ' বেক আদি ধ্বনি দি আকাশ বতাহ কঁপাই তোলে আছু কৰ্মীয়ে ৷  

আনহাতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞাই তীব্ৰ সকিয়নী প্ৰদান কৰি কয়,CAA আমি অসমীয়াই কেতিয়াও নামানো, ৰাজপথত সংগ্ৰাম কৰি আজি ৰাজ্যসভাৰ সাংসদ হোৱা তাছাক ৰাজপথৰ সংগ্ৰামক তুচ্ছ-তাচ্ছিল্য কৰা কামাখ্যা তাছাক অসমৰ ৰাইজে ক্ষমা নকৰে বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে। আনহাতে যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক যদুমণি বৰুৱাই সাংসদ তাছাৰ মন্তব্যক সমালোচনা কৰি অসমৰ ৰাইজে নায্য প্ৰাপ্তিৰ বাবে সংগ্ৰাম কৰিছে আৰু অসমৰ ৰাইজে এই সংগ্ৰামৰ মূল্য পাবই বুলি মন্তব্য কৰে।

আৰু পঢ়কঃনাগৰিকত্ব সংশোধনী আইনক লৈ সময় নষ্ট কৰা উচিত নহয়

20:41 January 04

দৰঙত CAA বাতিলৰ দাবীত জনতাৰ নিনাদ কাৰ্যসূচী ৰূপায়ণ

দৰঙত CAA বাতিলৰ দাবীত জনতাৰ নিনাদ কাৰ্যসূচী ৰূপায়ন

দৰং, 4 ডিচেম্বৰঃ ৰাজ্যজুৰি অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ দৰং জিলা তথা পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শিল্পী সমাজ, আই-মাতৃ, বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত CAA বাতিলৰ দাবীত জনতাৰ নিনাদ কাৰ্যসূচী ৰূপায়ণ। এই প্ৰতিবাদী সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, জিলা ছাত্ৰ সন্থাৰ নেতৃবৃন্দ, AJYCP ৰ নেত্ৰী বৃন্দ, শিল্পী সমাজ, বাবু বৰুৱাকে ধৰি কেইবাগৰাকীও শিল্পী। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে দৰং জিলাৰ বুঢ়াৰ বিষ্ণুপুৰ খেলপথাৰত অনুষ্ঠিত এই প্ৰতিবাদী সভাত জয় আই অসম, আমাক CAA নালাগে, কেন্দ্ৰীয় চৰকাৰ হায় হায়, CAA আমি নামনো ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷  

আৰু পঢ়কঃনাগৰিকত্ব সংশোধনী আইনক লৈ সময় নষ্ট কৰা উচিত নহয়

19:15 January 04

সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অসম হাইস্কুল শিক্ষক সন্থাৰ ধনশিৰি শাখাই ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

CAA ৰ বিৰুদ্ধে প্ৰতিবাদত বহিল শিক্ষক সমাজ

সৰুপথাৰ, 4 জানুৱাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰতো সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অসম হাইস্কুল শিক্ষক সন্থাৰ ধনশিৰি শাখাই ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ দিনৰ 11 বজাৰ পৰা 2 বজালৈ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ৰূপায়ন কৰে এই ধৰ্মঘট কাৰ্যসূচী ৷ শিক্ষক সন্থাই নাগৰিকত্ব আইন বাতিলৰ দাবীৰ লগতে ছেবাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ শীঘ্ৰে প্ৰাদেশীকৰণ আৰু শিক্ষক-কৰ্মচাৰীসকলৰ অতি শীঘ্ৰেই চৰ্তবিহীনভাৱে নিয়মীয়াকৰণ কৰাৰ দাবী তোলে ৷ 

17:02 January 04

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট যোৰহাট হাইস্কুল শিক্ষক সন্থাৰ ৷

তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট যোৰহাট হাইস্কুল শিক্ষক সন্থাৰ

যোৰহাট, 4 জানুৱাৰীঃ চৰকাৰী নিৰ্দেশনাক ভংগ কৰি ৰাজপথলৈ ওলাল শিক্ষক সমাজ ৷ সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ আহ্বান মৰ্মে যোৰহাট হাইস্কুল শিক্ষক সন্থাও সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষক সমাজে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত যোৰহাট হাইস্কুল শিক্ষক সন্থাৰ অন্তৰ্গত সকলো শিক্ষকে অংশগ্ৰহণ কৰে ৷ 

আৰু পঢ়কঃ লখিমপুৰত আছুৰ গণ বিক্ষোভ

16:27 January 04

তিনিচুকীয়া ৱিমেনজ কলেজৰ ছাত্ৰীৰ নাগৰিকত্ব আইন বাতিলৰ দাবীত হুংকাৰ ৷

তিনিচুকীয়া ৱিমেনজ কলেজৰ ছাত্ৰীৰ অৱস্থান ধৰ্মঘট

তিনিচুকীয়া, 4 জানুৱাৰীঃ ৰাজ্যৰ চৌপাশে অব্যাহত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ শনিবাৰে তিনিচুকীয়া ৱিমেনজ কলেজৰ ছাত্ৰী একতা সভাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অৱস্থান থলীত ছাত্ৰীসকলে অসমৰ ৰাইজৰ আদালতত নাগৰিকত্ব সংশোধনী আইন কেতিয়াও গ্ৰহণ কৰা নহ’ব বুলি চৰকাৰক স্পষ্ট কৰি দিয়ে । 

আৰু পঢ়কঃ  "চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে"-সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

15:41 January 04

সংশোধিত নাগৰিকত্ব আইন বিৰোধিতাৰে ধেমাজিত শিক্ষকৰ অৱস্থান ধৰ্মঘট ৷

CAA ৰ বিৰুদ্ধে প্ৰতিবাদত বহিল শিক্ষক সমাজ

ধেমাজি, ৪ জানুৱাৰীঃ শ্ৰেণীকোঠা এৰি মুকলিকৈ প্ৰতিবাদলৈ ওলাল শিক্ষক সমাজ ৷ সংশোধিত নাগৰিকত্ব আইন বিৰোধিতাৰে ধেমাজিত শিক্ষকৰ অৱস্থান ধৰ্মঘট ৷  সদৌ অসম হাইস্কুল শিক্ষক সংস্থাৰ আহ্বান মৰ্মে অসম হাইস্কুল শিক্ষক সন্থাৰ আহ্বান মৰ্মে শনিবাৰে ধেমাজি কাছাৰী ময়দানৰ সন্মুখত ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থা আৰু জোনাই জিলা হাইস্কুল শিক্ষক সংস্থাৰ দ্বাৰা চাৰিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ অৱস্থান ধৰ্মঘট কাৰ্যসূচী অংশগ্ৰহণ কৰি ধেমাজি জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি প্ৰদীপ কুমাৰ বৰুৱা, সম্পাদক খগেন কলিতা, ধেমাজি জিলা হাইস্কুল শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি পৱিত্ৰ বুঢ়াগোঁহাই, অসম হাইস্কুল শিক্ষক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰজিত ৰায় চৌধুৰী, ৰাজ্যিক সদস্য ভৱেন গোহাঁই, ধেমাজি জিলা কংগ্ৰেছৰ বাবুল সোণোৱালে চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

আৰু পঢ়কঃ "চৰকাৰে গুপ্ত হত্যাকাৰী মেলি দিছে"-সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

Last Updated : Jan 4, 2020, 9:11 PM IST

ABOUT THE AUTHOR

...view details