তেজপুৰ, 27 নৱেম্বৰঃঅসম চৰকাৰে পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে আয়োজন কৰিবলৈ ওলাইছে ফিল্ম ফেয়াৰ এৱাৰ্ডৰ ৷ বলিউডৰ নামি দামী তাৰকাৰে সমৃদ্ধ হ’বলগীয়া এই এৱাৰ্ড অনুষ্ঠানৰ বাবে অসম চৰকাৰে ধাৰ্য কৰিছে 23 কোটি টকা ৷ কিন্তু চৰকাৰৰ উক্ত সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰে বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথৰ ৷ বুধবাৰে তেজপুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত এক সংবাদমেল আয়োজন কৰি নাথে কয় যে, ‘মুম্বাইৰ শিল্পীক বঁটা প্ৰদানৰ নামত অসম চৰকাৰে যদি ২৩ কোটি টকা খৰচ কৰিব পাৰে , তেন্তে বান পীড়িত লোকৰ সাহাৰ্যৰ বাবে চৰকাৰে ৰাইজৰ দান বৰঙণি সংগ্ৰহ কিয় কৰিব লাগে’ ৷ গতিকে ৰাইজে দিয়া বৰঙনি তেখেতে চৰকাৰক ওভটাই দিবলৈ আহ্বান জনায় ৷
ফিল্ম ফেয়াৰে নকৰে অসমৰ পৰ্যটনৰ বিকাশঃ দিলীপ নাথ - film fair award Guwahati news
ৰাজ্য চৰকাৰৰ ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠিত কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা বিশিষ্ট আৰ টি আই কৰ্মী দিলীপ নাথৰ ৷ বুধবাৰে তেজপুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত এই সন্দৰ্ভত এক সংবাদমেল আয়োজন কৰে দিলীপ নাথে ৷
উক্ত সংবাদমেলত নাথে ৰাজ্যৰ পৰ্যটন বিভাগৰ পুতৌ লগা ছবিখন দাঙি ধৰে ৷ ঢেকীয়াজুলিত কোটি টকাৰ ব্যয় কৰি চাৰি বছৰ পূৰ্বে নিৰ্মাণ কৰা প্ৰশান্তি ল’জৰ পৰিত্যক্ত অৱস্থাৰ কথাও ব্যক্ত কৰে ৷ আনহাতে, অসমৰ শিল্পীসকলক চৰকাৰে কোনো দিনে শয্যাগত অৱস্থাত সহায় নকৰে বুলি মন্তব্য কৰে দিলীপ নাথে ৷ এইক্ষেত্ৰত তেখেতে অভিনেতা নিপন গোস্বামীৰ উদাহৰণ দাঙি ধৰে ৷ লগতে, মাজুলী ৰাসৰ বিপৰীতে নলবাৰী ৰাসত পৰ্যটকৰ অনুপস্থিতিয়ে পৰ্যটন বিভাগৰ প্ৰকৃত ছবিখনক উদঙাই দিয়া বুলি কয় আৰ টি আই কৰ্মীগৰাকীয়ে ৷
লগতে পঢ়ক- নাৰেংগী সেনা শিবিৰৰ কেণ্টিনত গ্ৰাহকৰ ৰূপত বনৰীয়া হাতী