অসম

assam

ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে মহানগৰীত প্ৰতিবাদ - কৃষি আইন

মহানগৰীত সোমবাৰে এম এচ পি পুনৰ প্ৰৱৰ্তনৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াঁজ, দালি আদি কৰ্তনৰ তীব্ৰ বিৰোধিতাৰে দিনজোৰা প্ৰতীবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কৃষক মুক্তিকে আদি কৰি ভালে কেইটা সংগঠনে ৷

Protest Against Agriculture act 2020 at aguwahati
Protest Against Agriculture act 2020 at aguwahati

By

Published : Dec 14, 2020, 4:11 PM IST

গুৱাহাটী, ১৪ ডিচেম্বৰ :কৃষি আইন প্ৰত্যাহাৰৰ দাবীত সোমবাৰে পুনৰবাৰ উত্তাল হ’ল গুৱাহাটী মহানগৰ ৷ প্ৰায় পাঁচ শতাধিক কৃষক শ্ৰমিকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ এম এচ পি পুনৰ প্ৰৱৰ্তনৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াঁজ, দালি আদি কৰ্তনৰ তীব্ৰ বিৰোধিতাৰে দিনজোৰা প্ৰতীবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কৃষক মুক্তিকে আদি কৰি ভালে কেইটা সংগঠনে ৷

সৰ্বভাৰতীয় কৃষক সংঘৰ সমন্বয় সমিতিৰ আহ্বান মৰ্মে কৃষক বিৰোধী আইন আৰু বিদ্যুৎ বিল প্ৰত্যাহাৰৰ দাবীত সোমবাৰে গুৱাহাটী ৰটাৰী ক্লাৱত ৰূপায়িত হ’ল যৌথ কৃষক সমাৱেশ ৷ প্ৰতিবাদী কৃষকসকলৰ দাবী-“মোদীৰ নেতৃত্বত দেশত চৰম ফেচিবাদৰ শাসন চলিছে ৷ কৃষক মুক্তিয়ে আৰম্ভণিৰে পৰা কৃষি আইনৰ বিৰোধিতা কৰি আহিছে ৷ এই আইন আমি কোনো কাৰণতে মানি ল’ব নোৱাৰো ৷ বিশেষকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা আলু, পিয়াঁজ,দালি আদিৰ নাম কৰ্তন কৰাটো কোনো কাৰণতে মানি ল’ব নোৱাৰো ৷”

উল্লেখ্য যে সমগ্ৰ দেশৰ লগতে অসমতো কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইন প্ৰত্যাহাৰৰ লগতে সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত বিভিন্ন দল সংগঠনে ধাৰাবাহিকভাবে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ ৷

লগতে পঢ়ক :ৰাইজক অন্ধকাৰত ৰাখি কোনো কাম নকৰো: লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details