জনীয়া, ১০ মে':বৰপেটা জিলাৰ মন্দিয়া সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অধীনস্থ ২১৫ নং জাহোৰপাম অঙ্গনৱাড়ী কেন্দ্ৰৰ চৰম দুৰৱস্থা । যাৰ বাবে কেন্দ্ৰটো বিগত কেইমাহ ধৰি নাই কোনো ছাত্ৰ-ছাত্ৰী। কেন্দ্ৰটোত ৪৫ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত আহে মাত্ৰ ১ জন । যাক লৈ সম্প্ৰতি ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
গোহালিত পৰিণত হোৱা এটা অঙ্গনৱাড়ী কেন্দ্ৰ - JONIA
গোহালি সদৃশ পৰিৱেশ ২১৫ নং জাহোৰপাম অঙ্গনৱাড়ী কেন্দ্ৰৰ, কেন্দ্ৰটোত নাই পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বহাৰ ঠাই । শীঘ্ৰেই বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ।
ইপিনে সাংবাদিকৰ উপস্থিতিত কেন্দ্ৰটোত দীৰ্ঘদিন ধৰি চলি থকা গাফিলতিৰ কথা পোহৰলৈ আহে । পুৱাৰ আঠ বজাৰ সলনি নিজা সময় অনুসৰিহে উপস্থিত হয় কেন্দ্ৰটোৰ কৰ্মী তথা সহায়িকা । পলমকৈ অহাৰ কাৰণ সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নত কেন্দ্ৰটোৰ সহায়িকাই উল্লেখ কৰে, নিয়ম অনুসৰি আঠ বজাত আহিব লাগে যদিও ছুপাৰভাইজৰৰ লগত সময়ক লৈ বুজাপৰা কৰি লোৱা হৈছে বুলি মন্তব্য কৰে । ইপিনে কৰ্মীৰ মইমতালিৰ বিষয়ে ছুপাৰভাইজৰ হিচাপে নিয়োজিত থকা বৰ্ণালী ডেকাক ৰাইজে বহুবাৰ অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাত ছুপাৰভাইজৰগৰাকীও দুৰ্নীতিত লিপ্ত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।