অসম

assam

ETV Bharat / state

ধুবুৰীত অবৈধ ধানৰ বীজ-সাৰৰ ৰমৰমীয়া বেহা : আৰক্ষীৰ অভিযান - Syngenta India Limited

ধুবুৰীত অবৈধ ধানৰ বীজ আৰু সাৰৰ ৰমৰমীয়া বেহা। বীজ কোম্পানীৰ গোচৰ আৰক্ষী থানাত। ধুবুৰী গৌৰীপুৰৰ আঠখন ব্যৱসায়ী প্ৰতিষ্ঠানত চলিল আৰক্ষীৰ অভিযান। জব্দ অবৈধ ধানৰ বীজ আৰু পেকেটৰ লগতে চৰকাৰী সাৰ। চাৰিজনক গ্ৰেপ্তাৰ।

Police crackdown on illegal paddy seed-fertilizer operation in Dhubri
Police crackdown on illegal paddy seed-fertilizer operation in Dhubri

By

Published : Dec 16, 2020, 7:19 PM IST

ধুবুৰী,১৬ ডিচেম্বৰ :ধুবুৰী জিলাৰ একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানত ভেজাল বীজৰ লগতে চৰকাৰী সাৰ কলা বজাৰত বিক্ৰী কৰাৰ এক ৰমৰমীয়া বেপাৰ চলি আহিছে। কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীৰ বৃহৎ দল এটাই কৃষ্ণ বীজ ভাণ্ডাৰ,আৰফান বীজ ভাণ্ডাৰ আৰু জাহাঙ্গীৰ বীজ ভাণ্ডাৰকে ধৰি মুঠ আঠ খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ভেজাল বীজৰ লগতে অবৈধ পেকেট আৰু আপত্তিজনক সামগ্ৰী।

উল্লেখ্য যে,দীর্ঘ দিনৰে পৰা চলি অহা এনে ভেজাল বীজৰ বেপাৰৰ বিৰুদ্ধে স্থানীয় একাংশ সচেতন কৃষকৰ ফালৰ পৰা অভিযোগ লাভ কৰিছে এটা কোম্পানীয়ে । অভিযোগ অনুসৰি কোম্পানীৰ ফালৰ পৰা বজাৰত যোগান ধৰা প্ৰকৃত ধানৰ বীজৰ পেকেটৰ দৰেই অবৈধ পেকেট তৈয়াৰী কৰি একাংশ অসাধু ব্যৱসায়ী চক্ৰই কৃষকৰ মাজত বিক্ৰী কৰি আহিছে । প্ৰকৃত ধানৰ বীজ বুলি কৈ কৃষকৰ চকুত ধুলি দি বছৰ বছৰে ঠগি আহিছে অসাধু চক্ৰই । তেনে অভিযোগৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে দিল্লীৰ M/S True Buddy Consulting Pvt Ltd নামৰ কোম্পানীয়ে ।

উক্ত এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ১৮৫৫/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪২০/৪০৬/৪৬৮/৪৮৮ ধাৰাৰ উপৰিও ট্ৰেড এণ্ড মাৰ্চেণ্ডাজ আইনৰ অধীনত ৭৭ ধাৰাত এখন গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে ধুবুৰী চহৰৰ লগতে গৌৰীপুৰৰ মুঠ দহখন ব্যৱসায়ী প্ৰতিষ্ঠানত অভিযান চলায় । অভিযান কালত Syngenta India Limited নামৰ কোম্পানীৰ ধানৰ বীজ আৰু বৃহৎ পৰিমাণৰ পেকেট জব্দ কৰাৰ লগতে পেকেট তৈয়াৰী কৰা কিছু যন্ত্ৰঅংশ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে আমজাদ খান,সুৰজ মুণ্ডা,আৰু নাছিৰ খানক গ্ৰেপ্তাৰ কৰে ।

ইপিনে একে সময়তে গৌৰীপুৰৰ পূৱ টিয়ামাৰী প্ৰথম খণ্ড গাঁওৰ সহিদূৰ ইছলাম নামৰ এজনৰ ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চৰকাৰী যোগান দিয়া সাৰ । বৃহৎ পৰিমাণৰ সাৰ জব্দ কৰাৰ বিপৰীতে সহিদূৰ ৰহমানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মুঠৰ ওপৰত চাৰিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে,চৰকাৰে যোগান দিয়া বৃহৎ পৰিমাণৰ সাৰ কলা বজাৰত বিক্ৰী কৰি আহিছে এটা চক্ৰই । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেজনক আজি ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ বিপৰীতে অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ইয়াৰ আঁৰত চৰকাৰী বিষয়া কৰ্মচাৰী জড়িত থকাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক : হাগ্ৰামাৰ ভয়ত লিলিত আৱদ্ধ ২২ নৱ নিৰ্বাচিত পাৰিষদ

ABOUT THE AUTHOR

...view details