আমগুৰি ২২ আগষ্ট: দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড! আমগুৰিৰ হালোৱাটিঙত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে৷ ১৫ আগষ্টৰ নিশা হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত টিফুক বাগিচাত খৰঙী খনিকৰৰ ক্ষীৰোদ হাজৰিকা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷
আমগুৰিত দুৰ্ঘটনা নে পৰিকল্পিত হত্যাকাণ্ড !
মটৰচাইকেল আৰু মৃত যুৱকজনৰ দাগলৈ লক্ষ্য কৰি যুৱকজনৰ পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ আনি ইতিমধ্যে হালোৱাটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে
প্ৰথম অৱস্থাত মৃত যুৱকজনৰ পৰিয়ালৰ লোকে মটৰ চাইকেল দুৰ্ঘটনাত যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছিল যদিও বৰ্তমান তেওঁলোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপিত কৰিছে । তেওঁলোকে অভিযোগ কৰা অনুসৰি ক্ষীৰোদক মগজুৰ পিছফালে মৰিয়াই মৰাৰ লগতে কপালত লোহাৰে খুন্দিয়াই টিফুক বাগিচাৰ সমীপত দুৰ্বৃত্তই পেলাই দিয়ে । অভিযোগ অনুসৰি অন্য দিনাৰ দৰে ক্ষীৰোদে কৰ্মস্থলীলৈ গৈছিল যদিও ঘৰলৈ অহাৰ পথত টিফুক বাগিচাৰ সমীপত মটৰ চাইকেলসহ তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পিচতে পৰিয়ালৰ লোকে ক্ষীৰোদক আমগুৰি চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰৱৰ্তী সময়ত হালোৱাটিং আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ক্ষীৰোদৰ মৃতদেহ শিৱসাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অভিযোগ অনুসৰি ক্ষীৰোদৰ দুৰ্ঘটনা হোৱা হ'লে মটৰ চাইকেলত দাগ থকাৰ লগতে শৰীৰৰ বিভিন্ন অংশত দাগ থাকিল হেতেন । মটৰচাইকেল আৰু মৃত যুৱকজনৰ দাগলৈ লক্ষ্য কৰি যুৱকজনৰ পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ আনি ইতিমধ্যে হালোৱাটিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। আনহাতে আজি পৰিয়াল আৰু স্থানীয় লোকে জিলা আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনায় । অন্যথা স্থানীয় ৰাইজে শীঘ্ৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলিব বুলি হুংকাৰ দিয়ে।