আমগুৰি, ১৮ ডিচেম্বৰ :শিৱসাগৰৰ আমগুৰিত শুকুৰবাৰে মাইক্রফাইনেন্স কোম্পানীৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সংগঠন দুটাৰ নেতৃত্বত অৰ্দ্ধ শতাধিক মহিলাই আমগুৰি নগৰৰ চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
মাইক্রফাইনেন্স কোম্পানীৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ - AMGURI
বিজেপি চৰকাৰে কেবিনেটত গৃহিত কৰা মাইক্রফাইনেন্সৰ আইনে কোম্পানীকহে লাভান্বিত কৰিব বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।
KMSS ANS SMSS PROTEST AT AMGURI AGAINST MICROFINANCE COMPANY
প্ৰতিবাদকাৰীসকলে ভুক্তভোগী মহিলা সমাজৰ ঋণ ৰেহাইৰ দাবীত চৰকাৰ বিৰোধী শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে । সংগঠন দুটাৰ নেতৃবৃন্দই বিজেপি চৰকাৰে কেবিনেটত গৃহিত কৰা মাইক্রফাইনেন্সৰ আইনে কোম্পানীকহে লাভান্বিত কৰিব বুলি অভিযোগ উত্থাপন কৰে । আনহাতে প্ৰতিবাদকাৰী মহিলাসকলে ঋণ ৰেহাই নিদিলে ভোট বর্জনৰ হুংকাৰ দিয়ে ।
লগতে চাওকঃ অভি-নীল হত্য়াকাণ্ডৰ হুবহু বৰ্ণনা তিনি চাক্ষুস সাক্ষীৰ