অসম

assam

ETV Bharat / state

ৰুষ্ট প্ৰকৃতিঃ ধেমাজিত প্ৰাণ গ'ল এজনৰ - ধেমাজি সদৰ আৰক্ষী

ধেমাজিত বজ্ৰপাত পৰি মৃত্যু মানুহ আৰু পশুধনৰ ৷ গুৰুতৰভাৱে আহত এজন ৷

ৰুষ্ট প্ৰকৃতিঃ ধেমাজিত প্ৰাণ গ'ল এজনৰ

By

Published : Jun 23, 2019, 7:33 PM IST

ধেমাজি , ২৩ জুনঃ ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ কলিতা গাঁৱত দেওবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ দেওবাৰে দুপৰীয়া অহা প্ৰৱল বতাহ বৰষুণ আৰু বজ্ৰপাতৰ ফলত কৰুণভাৱে মৃত্যক আঁকোৱালি ল'বলগীয়া হয় গাঁওখনৰ জয়ন্ত কলিতা নামৰ (২৩) এজন যুৱকে ৷ লগতে শ্ৰীমন্ত কলিতা নামৰ আন এজন যুৱক গুৰুতৰভাৱে আহত হৈ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হয় ৷ উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ সময়ত পথাৰত ৰৈ কিছুদূৰৰ পৰা পথাৰত ট্ৰেক্টৰে হাল বোৱা চাই আছিল যুৱকদ্বয়ে ৷ মৃত যুৱকজন ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ উচ্চ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ আছিল ৷

ৰুষ্ট প্ৰকৃতিঃ ধেমাজিত প্ৰাণ গ'ল এজনৰ

উল্লেখ্য যে, বজ্ৰপাতৰ ফলত পথাৰত বান্ধি থোৱা অৱস্থাত গাঁওখনৰ ধনীৰাম কলিতা নামৰ লোকজনৰ পশুধনৰো মৃত্যু হয় ৷ ৰুষ্ট প্ৰকৃতিয়ে সংঘটিত কৰা এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পৰিছে ৷

আৰু পঢ়কঃ কণমানি ৰেহানক প্ৰয়োজন আপোনাৰ সহায়ৰ

ABOUT THE AUTHOR

...view details