চিৰাং,১৬ ফেব্ৰুৱাৰীঃ চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ পয়োভৰ । পোহৰলৈ আহিছে ভুৱা প্ৰতিষ্ঠানৰ লুন্ঠনৰ ভয়ংকৰ তথ্য় । জিলাখনৰ ছিদলী থানাৰ অন্তৰ্গত সুন্দৰি বজাৰত থকা মেচাৰ্ছ বড়োলেণ্ড কো-অপাৰেটিভ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেন্ট ছোচাইটী লিমিটেড নামৰ বেচৰকাৰী সংস্থাটোৰ এই কাণ্ড পোহৰলৈ আহিছে । ইতিমধ্য়ে তিনিজন লোকক আটক আৰক্ষীৰ ।
চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠন - financial_co_operative_society
ঋণ দিয়াৰ নামত প্ৰতাৰণা সাধাৰণ ৰাইজক
![চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ লুন্ঠন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2466739-934-b4d36b43-953c-4161-8920-fa065e8a1c76.jpg)
আত্ম সহায়ক গোটৰ লোকসকলে সংস্থাটিৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হৈ "ঋণ দিয়ক নহলে টকা ঘুৰাই দিয়ক "বুলি ধ্বনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলে । ইফালে সংস্থাৰ বিষয় ববীয়া সকলে ওলোটাই টকা দিয়া লোক সকলকে ধমকি দিয়ে । ফলত পৰিস্থিতি বেয়াৰ ফালে ঢাল খোৱাত চিদলী থানাৰ আৰক্ষীয়ে আহি কাৰ্য্যালয়ৰ পৰা তিনিজন কৰ্মচাৰীক থানালৈ লৈ যায় ।উক্ত ব্য়ক্তি তিনিজন ক্ৰমে কোকৰাঝাৰৰ ছালাকাটীৰ প্ৰবীন বসুমতাৰী, চিৰাঙৰ সুন্দৰীৰ সুৰেন্দ্ৰ বসুমতাৰী আৰু ৰাহুল নাৰ্জাৰী । ইতিমধ্যে সংস্থাটোৰ সভাপতি মেৰিনা বৰগয়াৰী আৰু সম্পাদক সুকুশ্ৰি বসুমতাৰীয়ে সেই স্থানৰ পৰা পলায়ন কৰে বুলি জনায় উত্তেজিত লোকসকলে ।