ধুবুৰী, 29 জুন : হাটশিঙিমাৰীৰ সুখচৰৰ ব্ৰহ্মপুত্ৰ নদীত দুই নাৱৰ মুখামুখি সংঘৰ্ষত নৈৰ বুকুত ডুব যায় এখন টুলুঙা নাৱৰ যাত্ৰী আৰু সামগ্ৰ । যদিও সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে নাৱত থকা কণ কণ শিশুসহ যাত্ৰী । যদিও ব্ৰহ্মপুত্ৰৰ বুকুত উটি যায় প্ৰায় দুই কুইন্টল সুলভ মূল্যৰ চাউল, কেৰাচিনসহ ৰেচন কাৰ্ড ।
হাটশিঙিমাৰীৰ সুখচৰৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা - hatsingimari
দুখন নাওৰ মুখামুখি সংঘৰ্ষত নৈৰ বুকুত ডুব গ'ল পাৰ ঘাটৰ নাও ৷ কথমপি ৰক্ষা পৰিল ১৪জন যাত্ৰীৰ প্ৰাণ ।
হাটশিঙিমাৰীৰ সুখচৰৰ ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা
দক্ষিণ শালমাৰাৰ পৰা এটা ভূটভূটী নাও সুখচৰৰ বেপাৰীপাৰা অভিমুখে আহি থকা অৱস্থাত বেপাৰীপাৰাৰ পৰা সুখচৰ অভিমুখে গৈ থকা এখন টুলুঙা নাৱৰ মাজত মুখামুখি সংঘৰ্ষ হয় । টুলুঙা নাওখনত থকা চাৰিটা শিশুসহ মুঠ ১৪ গৰাকী যাত্ৰী ব্ৰহ্মপুত্ৰৰ মাজত ডুব যায় যদিও ৰাইজৰ তৎপৰতাত আটাইকেইগৰাকী যাত্ৰীকে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।