অসম

assam

By

Published : Sep 6, 2020, 9:12 PM IST

Updated : Sep 7, 2020, 12:05 AM IST

ETV Bharat / state

জীৱন নাটৰ যৱননিকা পৰিল ভ্ৰাম্যমানৰ প্ৰখ্যাত অভিনেতা বাবুল খাটনিয়াৰৰ

অসামান্য অভিনয় প্ৰতিভাৰে সহস্ৰাধিক শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখা ভ্ৰাম্যমানৰ সুদৰ্শন অভিনেতা বাবুল খাটনিয়াৰ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল ৷ আৱাহন, ভাগ্যদেৱী, সুৰদেৱী, অপৰূপা, মনালিছা আদিকে ধৰি ৰাজ্যৰ প্ৰায় সকলোবোৰ ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰা শিল্পীগৰাকীৰ দেওবাৰে নিশা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় ৷

Babul Khatniya who charmed the audience with his performance need help for medical treatment barpeta assam etv bharat news
বাবুল খাটনিয়াৰ

বৰপেটা,6 ছেপ্তেম্বৰ:অৱশেষত জীৱন নাটৰ সামৰণি মাৰিলেপ্ৰায় ডেৰ দশক জুৰি অসামান্য অভিনয় প্ৰতিভাৰে সহস্ৰাধিক শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰখা ভ্ৰাম্যমানৰ সুদৰ্শন অভিনেতা বাবুল খাটনিয়াৰে ৷ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছিল অভিনেতা গৰাকী ৷ কিন্তু অভিনেতাগৰাকীৰ দেওবাৰে কিছু পৰিমাণে স্বাস্থ্যৰ অৱনতি ঘটে ৷

বাবুল খাটনিয়াৰৰ বিয়োগ

বিগত প্ৰায় 15 দিনৰ পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা অভিনেতা খাটনিয়াৰৰ স্বাস্থ্যৰ অৱনতি ঘটাত দেওবাৰে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ আনিবলৈ যো-জা চলোৱা হৈছিল ৷

অভিনেতা জয়ন্ত দাস, তপন দাস আদিৰ সৈতে বাবুল খাটনিয়াৰ

কিন্তু তেনে মূহুৰ্ততে সকলোকে শোক সাগৰত পেলাই থৈ ইহ সংসাৰ ত্যাগ কৰি চিৰ দিনৰ বাবে আঁতৰি যায় বাবুল খাটনিয়াৰ ৷ আৰ্থিক দৈন্যতাই যেন আৰু উশাহ লোৱাৰ অৱকাশ নিদিলে তেওঁক ৷

মঞ্চত বাবুল খাটনিয়াৰ

উল্লেখ্য যে,আৱাহন, ভাগ্যদেৱী, সুৰদেৱী, অপৰূপা, মনালিছা আদিকে ধৰি ৰাজ্যৰ প্ৰায় সকলোবোৰ ভ্ৰাম্যমান থিয়েটাৰত অভিনয় কৰা শিল্পীগৰাকীৰ অসুস্থতাক লৈ উদ্বিগ্ন হৈ পৰিছিল পৰিয়াল, শুভাকাংক্ষীৰ লগতে একাংশ নাট্যপ্ৰেমী ৷

সহকাৰী শিল্পীৰ সৈতে ফটোত প’জ দিয়া অৱস্থাত

আৱাহন থিয়েটাৰত ড৹ ভবেন্দ্ৰনাথ শইকীয়াৰ গধূলি আৰু অহংকাৰ নামৰ নাট দুখনত কৰা অভিনয়ে ৰাজ্যজুৰি খলকনি সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু অভিনয় জীৱনৰ পৰা অৱসৰ লোৱাৰ পিছৰে পৰা তীব্ৰ আৰ্থিক অনাটনৰ মাজেৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল অভিনেতাগৰাকীয়ে ৷

সহশিল্পীৰ সৈতে মঞ্চত বাবুল খাটনিয়াৰ

ইপিনে বৃক্ক ৰোগত আক্ৰান্ত অভিনেতাগৰাকীক চিকিৎসাৰ কৰোৱাৰ নামত ক্ৰমাৎ সৰ্বস্বান্ত হৈ পৰিছিল পৰিয়ালটো ৷ বিগত সময়ছোৱাত বছৰ বছৰ ধৰি শিল্পী পেঞ্চনৰ বাবে তাঁত-বাতি কাঢ়িও শিল্পীগৰাকীয়ে মৃত্যুূ পৰ্যন্ত লাভ নকৰিলে পেঞ্চন ৷ তেখেতৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পৰিছে ৷

বাবুল খাটনিয়াৰৰ দেহাৱসান

লগতে চাওকঃনিজৰ প্ৰাপ্যৰ অপেক্ষাত দিশহাৰা হৈ পৰা এগৰাকী ঠিকাদাৰ

Last Updated : Sep 7, 2020, 12:05 AM IST

ABOUT THE AUTHOR

...view details