বৰপেটা ৪ ডিচেম্বৰ:বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটৱৰ্তী কামাৰপাৰাৰ আদৰ্শ কৃষক তথা মুখ্যমন্ত্ৰীৰ কৃষক সন্মান বঁটা প্ৰাপক পৰমেশ্বৰ ডেকাৰ কৃষিপথাৰত জৈৱিক কীটনাশক ঔষধ প্ৰয়োগৰ এখন সজাগতা সভা অনুষ্ঠিত হয় । মেঘালয়ৰ উমিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভাখন ।
সৰ্থেবাৰীৰ কামাৰপাৰাত জৈৱিক কীটনাশক ঔষধ প্ৰয়োগৰ সজাগতা সভা - সৰ্থেবাৰীৰ কামাৰপাৰাত জৈৱিক কীটনাশক ঔষধ প্ৰয়োগৰ সজাগতা সভা
বৰপেটা জিলাৰ সৰ্থেবাৰীৰ নিকটৱৰ্তী কামাৰপাৰাত অনুষ্ঠিত হয় জৈৱিক কীটনাশক ঔষধ প্ৰয়োগ সন্দৰ্ভত এখন সজাগতা সভা । মেঘালয়ৰ উমিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভাখন ।
![সৰ্থেবাৰীৰ কামাৰপাৰাত জৈৱিক কীটনাশক ঔষধ প্ৰয়োগৰ সজাগতা সভা সৰ্থেবাৰীৰ কামাৰপাৰাত জৈৱিক কীটনাশক ঔষধ প্ৰয়োগৰ সজাগতা সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-03:33:27:1607076207-as-bar-07to11-4dec-awareness-meet-on-organic-pesticide-at-kamarpara-visbitephoto-as10038-04122020150940-0412f-1607074780-745.jpg)
কৃষি বিশ্ববিদ্যালয়খনৰ দুই কৃষি বিজ্ঞানী ডঃ প্ৰণৱ দত্ত আৰু ডঃ মহেশ পাঠকে জৈৱিক কীটনাশক ঔষধ প্ৰয়োগ সন্দৰ্ভত কৃষকসকলক প্ৰশিক্ষণ দিয়ে । বীজ শোধনৰ দ্বাৰা কৃষকসকল কেনেকৈ উপকৃত হয় সুন্দৰকৈ বুজাই দিয়ে কৃষকসকলক । জৈৱিক সাৰ প্ৰয়োগ, জৈৱিক কীটনাশক ঔষধ প্ৰয়োগ কৰিলে কৃষকসকল যথেষ্ট উপকৃত হ'ব পাৰে বুলিও কৃষি বিজ্ঞানীদ্বয়ে উল্লেখ কৰে । মেঘালয়ৰ উমিয়ামস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰি ওলিওৱা জৈৱিক কীটনাশক ঔষধ বিনামূলীয়াকৈ কৃষকসকলক প্ৰদান কৰে কৃষি বিজ্ঞানী দুগৰাকীয়ে। সজাগতা সভাত বেলবাৰী কৃষিচক্ৰৰ কৃষি উন্নয়ন বিষয়া মেঘনা গগৈয়ো উপস্থিত থাকে।
লগতে পঢ়ক:আশ্ৰয়হীন কুকুৰৰ বাবে শিৱসাগৰৰ যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ