ঢেকীয়াজুলি, 10 এপ্ৰিলঃ বিশ্বনাথ চাৰিআলিত সংঘটিত নাৰকীয় ঘটনাৰ দোষীক অতিশীঘ্ৰেই কৰায়ত্ব কৰি উপযুক্ত শাস্তিৰ দাবীত বুধবাৰে ঢেকীয়াজুলিৰ ঠেলামৰাত মুছলিম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঠেলামৰা আঞ্চলিক ছাত্ৰ সন্থাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, চৌকত আলীক ন্যায় দিয়ক ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলে৷
বিশ্বনাথ চাৰিআলিৰ নাৰকীয় ঘটনাৰ প্ৰতিবাদত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ - প্ৰতিকৃতি দাহ
বুধবাৰে ঢেকীয়াজুলিৰ ঠেলামৰাত মুছলিম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঠেলামৰা আঞ্চলিক ছাত্ৰ সন্থাই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে ৷
বিশ্বনাথ চাৰিআলিৰ নাৰকীয় ঘটনাৰ প্ৰতিবাদত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ
উল্লেখ্য যে বিগত 4 এপ্ৰিলত চৌকত আলী নামৰ এজন বৃদ্ধাক গো মাংস বিক্ৰীৰ অভিযোগৰ পিচত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল ৷
সাম্প্ৰতিক সময়ত বিজেপিয়ে কৰা সাম্প্ৰদায়িক ৰাজনীতিৰ বাবেই শংকৰ আজানৰ দেশত সাতামপুৰুষীয়া ঐক্য বিনষ্ট হোৱা বুলি দাবী কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাকো সংযত হ'বলৈ সকীয়নি দিয়ে মুছলিম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে ৷