অসম

assam

ETV Bharat / state

বাঁহেৰে নিৰ্মিত বিশেষ ৰাষ্ট্ৰীয় পতাকাখন ! - National Flag from Bamboo

দেশৰ 73সংখ্যক স্বাধীনতা দিৱসক লৈ অসমত চলিছে পূৰ্ণ প্ৰস্তুতি ৷ স্বাধীনতা দিৱসক লৈ অসমত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ স্বাধীনতা দিৱসক লৈ মহানগৰীৰ বজাৰ ভৰি পৰিছে ত্ৰিৰংগাৰে ৷ আনহাতে গোলাঘাটৰ এগৰাকী ব্যতিক্ৰমী যুৱকে তৈয়াৰ কৰি উলিয়াইছে বাঁহেৰে নিৰ্মিত ৰাষ্ট্ৰীয় পতাকা ৷

বাঁহেৰে নিৰ্মিত বিশেষ ৰাষ্ট্ৰীয় পতাকাখন !

By

Published : Aug 13, 2019, 10:17 PM IST

গোলাঘাট আৰু গুৱাহাটী, 13 আগষ্টঃ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসলৈ মাজত মাথো এটা দিন ৷ সমগ্ৰ দেশতে 73সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ৷ অসমটো স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতিৰ লগতে মহানগৰীৰ বজাৰে বজাৰে দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় পতাকাৰ সম্ভাৰ ৷ স্বাধীনতা দিৱসক লৈ মহানগৰীৰ বিভিন্ন স্থানকে ধৰি ৰাজ্যৰ সকলো প্ৰান্ততে আৰক্ষী-প্ৰশাসনে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা ৷

বাঁহেৰে নিৰ্মিত বিশেষ ৰাষ্ট্ৰীয় পতাকাখন !

দেশৰ 73সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বেই গোলাঘাটৰ যুৱকে তৈয়াৰ কৰি উলিয়াইছে বাঁহেৰে নিৰ্মিত ৰাষ্ট্ৰীয় পতাকা ৷ গোলাঘাট পুৰাবাংলা অঞ্চলৰ যুৱকজন হৈছে ধৰ্মেশ্বৰ আচন । ধৰ্মেশ্বৰ আচনে দেশৰ শ্বহীদ সকলৰ প্ৰতি সন্মান আৰু জাতীয় পতাকাৰ পতাকাৰ প্ৰতি শ্ৰদ্ধা জনাই নিজ হাতেৰে তৈয়াৰ কৰি উলিয়াইছে বাঁহেৰে নিৰ্মিত ৰাষ্ট্ৰীয় পতাকা ৷ এখন দুখন নহয়, শ-শ ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰি সমাজৰ বয়োজ্যেষ্ঠ সকল, সমাজকর্মী আৰু প্ৰশাসনৰ মুৰব্বীসকলক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উপহাৰ হিচাপে প্ৰদান কৰিছে যুৱকজনে ৷

মহানগৰীৰ বজাৰত তিৰংগা

যুৱকজনৰ প্ৰশংসনীয় কামৰ বাবে সকলোৱে শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ৷ উল্লেখ্য যে, এইগৰাকী প্ৰতিভাৱান যুৱকে প্ৰতিবছৰেই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এইদৰে ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰি সকলোকে উপহাৰ হিচাপে প্ৰদান কৰি আহিছে ৷ কোনোধৰণৰ ব্যৱসায়িক ভিত্তিত নকৰি কেৱল মাত্ৰ ভাৰত ৰাষ্ট্ৰৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধাৰ বাবেই ধৰ্মেশ্বৰ আচনে এইদৰে বাঁহেৰে ৰাষ্ট্ৰীয় পতাকা তৈয়াৰ কৰি আহিছে ৷

ABOUT THE AUTHOR

...view details