অসম

assam

ETV Bharat / state

নলবাৰীত 'অতুল বৰা মুৰ্দাবাদ' ধ্বনি; খাৰুপেটীয়াত দলৰ স্থিতি স্পষ্ট কৰিলে সত্যব্ৰত কলিতাই

নলবাৰীৰ অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ কেন্দ্ৰীয় নেতাৰ সন্মুখতে অগপ কৰ্মীৰ অতুল বৰা মুৰ্দাবাদ ধ্বনি ৷ ইফালে খাৰুপেটীয়াত অগপৰ বিধান পৰিষদ গঠনৰ প্ৰতিনিধিত্বমূলক সভাত কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ বিস্ফোৰক মন্তব্য ৷

NALBARI  AND KHARUPETIA AGP MEETING
নলবাৰী আৰু খাৰুপেটীয়াত অগপৰ সভা

By

Published : Dec 7, 2019, 10:11 PM IST

Updated : Dec 7, 2019, 10:55 PM IST

নিউজ ডেক্স , 7 ডিচেম্বৰ :নলবাৰীৰ অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । কেন্দ্ৰীয় নেতাৰ সন্মুখতে অগপ কৰ্মীৰ অতুল বৰা মুৰ্দাবাদ ধ্বনি । 'কেব' ক সমৰ্থন কৰি এতিয়া বিপদত পৰিছে অগপ নেতৃত্ব । শীৰ্ষ নেতৃত্বৰ বিপৰীত মেৰুত নলবাৰী অগপৰ তৃণমূল কৰ্মীসকল ৷ দলটোৰ তৃণমূল কৰ্মীৰ ক্ষোভৰ সন্মুখীন হ'ব লগা হৈছে অগপৰ মুখপাত্ৰ দিলীপ পাটগিৰি ৷ নেতাগৰাকীয়ে সভাত আহি উপস্থিত হোৱাৰ লগে-লগে তৃণমূল কৰ্মীসকলে "অতুল বৰা মুৰ্দাবাদ" "কেব আমি নামানো" "কেব আমাক নালাগে" আদি বিভিন্ন শ্লোগানেৰে সভাৰ পৰিৱেশ উত্তপ্ত কৰি তোলে । উল্লেখ্য যে, তৃণমূল কৰ্মীৰ প্ৰতিবাদ মানি দলীয় নেতৃত্বই 'কেব" ৰ বিৰোধিতা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

নলবাৰী আৰু খাৰুপেটীয়াত অগপৰ সভা


ইফালে সমগ্ৰ ৰাজ্য নাগৰিকত্ব সংশোধনী বিলক লৈ উত্তপ্ত হৈ থকা অৱস্থাতে খাৰুপেটীয়াত অগপৰ বিধান পৰিষদ গঠনৰ প্ৰতিনিধিত্বমূলক সভাত কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ বিস্ফোৰক মন্তব্য ৷ শনিবাৰে দৰঙৰ খাৰুপেটীয়া অসম ক্লাবত অগপৰ দলগাঁও বিধান পৰিষদ গঠনৰ বাবে অনুষ্টিত হৈছিল এখন প্ৰতিনিধিত্বমুলক সভা । দল সংগঠন সমূহে অসম আৰু অসমীয়াৰ স্বাৰ্থত কেব বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অগপই "কেব"ক লৈ গ্ৰহণ কৰা সিদ্ধান্তত জাঙুৰ খাই উঠি ঠায়ে ঠায়ে পহুখেদা দিছে অগপৰ মন্ত্ৰী বিধায়কক । সেই সময়তে সভাত কলিতাৰ মন্তব্য "কেবক লৈ অগপ দলত কোনো মতানৈক্য নাই । অসম আৰু অসমীয়াৰ স্বাৰ্থত , খিলঞ্জীয়াৰ স্বাৰ্থত , কেতিয়াও আপোচ নকৰে অগপই ।বৰ্তমান দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত সুস্থিৰ ভাবে চলিছে অগপ দল । প্ৰাক্তন মুখ্যমন্ত্ৰী , সভাপতি , জেষ্ঠ নেতা তথা বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই কেব সম্পৰ্কে কৰা মন্তব্য দলৰ নহয় , নিজৰ ব্যক্তিগত । কেব সম্পৰ্কে আমাৰ দলে স্থিতি স্পষ্ট কৰি ৰাজহুৱা কৰিছে । গতিকে কেবক লৈ কৰা প্ৰশ্ন অস্বাভাৱিক কথা , আমি অসমৰ স্বাৰ্থত কেবক লৈ আপোচ কৰা নাই আৰু নকৰো ।" সভাখনত ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক জয়নাথ শৰ্মা , মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক হিৰেন দাস সহ শতাধিক তৃণমুল নেতা কৰ্মী উপস্থিত থাকে ।

নলবাৰী আৰু খাৰুপেটীয়াত অগপৰ সভা

আৰু পঢ়ক : বিজেপিৰ বিৰুদ্ধে সৰৱ বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া

Last Updated : Dec 7, 2019, 10:55 PM IST

ABOUT THE AUTHOR

...view details