তিনিচুকীয়া,৫ মে':আমাক জুবিন দাই ঠগিলে । জুবিন দা নাহিল নাই, কে কে ছাৰ মোহন আহিব লাগিছিল । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান । দৰ্শকৰ পাৰভঙা উচাহ । বিগত কেইবাটাও বছৰতকৈ এইবাৰ জুবিন গাৰ্গে ব্যতিক্ৰমীভাৱে পৰিৱেশন কৰিছে সংগীতানুষ্ঠান । দৰদী কণ্ঠত নিগৰিছে এটি এটিকৈ জুবিনৰ পুৰণি গীতবোৰ । পুৰণি জুবিনক যেন কাষতে পাইছে অসমৰ ৰাইজে । এইবাৰ জুবিনৰ সংগীতানুষ্ঠান নাই কোনো বিতৰ্ক, নাই কোনো অনাকাংক্ষিত পৰিৱেশ ।
পিছে, ইয়াৰ মাজতে জুবিন অনুৰাগীৰ অভিমান ৷ জুবিন গাৰ্গৰ অনুষ্ঠানলৈ গৈ নিৰাশ হৈ উভতিল অনুৰাগী (Bihu programme in Tinsukia) । যোৱা ৩০ এপ্ৰিলৰ পৰা ৪ মে'লৈ তিনিচুকীয়াত অনুষ্ঠিত কৰা হৈছিল দহোতীয়াচুক ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী অনুষ্ঠান । তিনিচুকীয়াৰ দহোতীয়াচুক মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ শেষৰ দিনা অৰ্থাৎ ৪ মে'ত জুবিন গাৰ্গ, নীল আকাশ, কেকে-মোহনে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল । কিন্তু, নাহিল জুবিন গাৰ্গ, নাহিল নীল আকাশ, কেকে-মোহন মৰমৰ শিল্পীসকলৰ অনুষ্ঠান উপভোগ কৰিব নোৱাৰিলে অনুৰাগীয়ে (Zubeen Garg Bihu programme cancelled in Tinsukia) ।