শদিয়া, 17 মে’: বিগত চাৰি দিনে সন্ধানহীন হৈ আছে কাকপথাৰৰ এজন যুৱক (Youth go Missing from Kakopathar:) ৷ কাকপথাৰৰ কৈলাশপুৰৰ ৰাতুল গগৈ(জুণ্টি) নামৰ এজন যুৱকজনৰ সন্ধান নাই যোৱা ২৩ মে'ৰ পৰা ৷ ৩৩ বছৰীয়া যুৱকজনে ২৩ মে’ত নিজৰ পাবলগীয়া ধন আনিবলৈ বুলি পুৱা মাকুম ৰাইদাং গাঁৱৰ বিতুল মৰাণৰ ঘৰলৈ গৈ আজিও উভতি নহাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে ৷
ইফালে সন্ধানহীন যুৱকজনে আলফা(স্বা)ত যোগদান কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে (Suspected of going to ULFA I)৷ এই সন্দেহতে দুখত ভাগি পৰিছে পত্নীসহ পৰিয়ালবৰ্গ ৷ শাৰিৰীকভাৱে অক্ষম কণ্যাকে ধৰি দুটি সন্তান, পত্নী, বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ যোৱা ৰাতুল গগৈক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পৰিয়ালবৰ্গৰ ৷