সদৌ মৰাণ ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থাৰ যৌথ সংবাদমেল তিনিচুকীয়া, ১৫ ফেব্ৰুৱাৰী:তিনিচুকীয়া জিলাৰ মাকুম অঞ্চলৰ অন্তৰ্গত শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণে লিডুৰ কয়লাখনিত (Ledu coal mine) কাম কৰিবলৈ গৈ ১২ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে (Labourers missing in Ledu coal mine) ৷ প্ৰাঞ্জলে কৰ্মৰত খনিটোৰ মালিকপক্ষৰ পৰা পৰিয়ালৰ লোকে তেওঁৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম নোহোৱাত ৪ ফেব্ৰুৱাৰীত লিডু আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । কিন্তু ইয়াৰ পাচতো প্ৰাঞ্জলৰ কোনো সম্ভেদ নোলোৱাত এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে টাই আহোম ছাত্ৰ সন্থাই ৷
তিনিচুকীয়াৰ প্ৰেছ ক্লাৱত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থাই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰি প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে ৷ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে আৰক্ষীয়ে কেইজনমানক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে যদিও কাক কাক গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়ে কোনো তথ্য জনোৱাৰ পৰা বিৰত থকাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ প্ৰাঞ্জলৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত জড়িতসকলক গ্ৰেপ্তাৰ কৰি পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনায় ৷
মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে প্ৰশাসনক ২৪ ঘণ্টা সময়সীমা নিৰ্ধাৰণ কৰি, এই সময়চোৱাৰ ভিতৰত প্ৰাঞ্জলক বিচাৰি দিয়াৰ লগতে পৰিয়ালক ক্ষতিপূৰণ নিদিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ ইফালে টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই কয়, "প্ৰাঞ্জল মৰাণ মৃত নে জীৱিত এতিয়ালৈকে জনোৱা নাই ৷ জিলা প্ৰশাসনৰ এয়া দায়িত্ব আছে ৷ এজাহাৰ দাখিল কৰাৰ পিচতো কোনো গুৰুত্ব দিয়া নাই, দল-সংগঠনে মাত মতাৰ পিচতহে কিছু পদক্ষেপ লৈছে ৷"
টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইয়ে আৰু কয় যে, কালি অৰ্থাৎ মঙলবাৰে আৰক্ষী-প্ৰশাসনে মৃতদেহ বিচাৰি খনন চলাইছিল ৷ কিন্তু প্ৰশাসনৰ লোকে খনন কৰা ঠাইত মানুহ যাবলৈ দিয়া নাই, কিন্তু তাত কয়লা খনন চলি আছে (Illegal coal mine) ৷ যদি সেই ঠাই মানুহ যোৱাৰ বাবে সুৰক্ষিত নহয় তেন্তে তাত কেনেকৈ কয়লা খনন কৰিব পাৰিছে বুলি প্ৰশাসনক উভতি ধৰে ৷ তেওঁ অবৈধ কয়লাখনিত সঘনাই শ্ৰমিকৰ মৃত্যু হৈ আছে যদিও মালিকপক্ষৰ একাংশ লোকে তেওঁলোকক মেনেজ কৰি থকাৰ বাবেই এই ঘটনাসমূহ পোহৰলৈ অহা নাই বুলি জানিবলৈ দিয়ে ৷ তেওঁ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক (Assam Police Chief GP Singh) এই বিষয়টোত হস্তক্ষেপ কৰাৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক:Labourers missing in Ledu coal mine: লিডুৰ কয়লাখনিত কাম কৰিবলৈ যোৱা প্ৰাঞ্জল আজিও ঘৰলৈ ঘূৰি নাহিল