অসম

assam

ETV Bharat / state

কাকপথাৰত সত্ৰ মহাসভাৰ যুৱ সতীৰ্থ সন্মিলন - মাৰ্ঘেৰিটা

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাকপথাৰত যুৱ সতীৰ্থ সন্মিলন ৷ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত গছপুলি ৰোপণ, পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

কাকপথাৰত সত্ৰ মহাসভাৰ যুৱ সতীৰ্থ সন্মিলন

By

Published : Jun 30, 2019, 8:26 AM IST

শদিয়া, 30 জুন : তিনিচুকীয়া জিলা সত্ৰ মহাসভাৰ তত্ত্বাৱধানত যুৱ সতীৰ্থ সন্মিলন আৰম্ভ ৷ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসুচীৰে কাকপথাৰত আৰম্ভ হয় এই কাৰ্যসূচী ৷ কাকপথাৰ সাংস্কৃতিক সংঘ প্ৰেক্ষাগৃহত পুৱা গছপুলি ৰোপণ, পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয় ৷ জিলাখনৰ কেইবাশ ভকত, বৈঞ্চৱে অংশগ্ৰহণ কৰা শোভাযাত্ৰাটো কাকপথাৰ চহৰ পৰিভ্ৰমণ কৰি সন্মিলনস্থলীত সামৰণি পৰে ৷ আবেলিলৈ সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ দেওবাৰে "আধ্যাত্মবাদ আৰু যুৱ মানসিকতা" নামেৰে এক আলোচনা চক্ৰৰ উপৰিও সন্ধিয়ালৈ মাৰ্ঘেৰিটা মহকুমাৰ নিৰ্বাচিত শিল্পী সকলে "গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয়" নামৰ ভাওনা প্ৰদৰ্শন কৰিব ৷ বৰ্তমান যুৱক-যুৱতী সকলে আধ্যাত্মিক চিন্তা ধাৰাৰ পৰা আঁতৰি অহাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক ধৰ্মীয় মেৰুকৰণৰে বান্ধি ৰখাৰ স্বাৰ্থত সময়ে সময়ে এনে ধৰণৰ যুৱ, মহিলা সন্মিলন সমূহ অনুষ্ঠিত কৰি অহা কথা জানিবলৈ দিয়ে সত্ৰ মহাসভাৰ বিষয়ববীয়াই ৷ লগতে ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত আউনিআটি সত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যি উদ্যোগ গ্ৰহণ কৰিছে সেইয়া আদৰণীয় বুলি উল্লেখ কৰে ৷

কাকপথাৰত সত্ৰ মহাসভাৰ যুৱ সতীৰ্থ সন্মিলন

ABOUT THE AUTHOR

...view details