তিনিচুকীয়া, 28 ছেপ্টেম্বৰ :প্ৰতি বছৰে 28 ছেপ্টেম্বৰৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাবে পালন কৰা হয় । সেয়ে গুইজান ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ৰ প্ৰেক্ষাগগৃহত তিনিচুকীয়া ট্যুৰিষ্ট গাইড এচোচিয়েনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা ৷
বহু সংখ্যক ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিধায়ক পোনাকণ বৰুৱাই কয়, ‘‘প্ৰাকৃতিক সম্পদৰে ভৰপুৰ অসমত পৰ্যটনৰ অলেখ সম্ভাৱনা আছে । আমাৰ অঞ্চলতে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে ৷ মাগুৰি মতাপুং বিল আছে ৷ ব্ৰহ্মপুত্ৰ-ডিব্ৰু-লুইত-অনন্ত নলাৰ সৈতে সংলগ্ন ছিয়াং-দিবাং নদীৰ সংগম স্থলী আছে ৷ মায়ামৰা দিনজয় সত্ৰ, গড়পাৰা, বগৰিতলীয়া সত্ৰ আছে ৷ লগতে মটক ৰজা সৰ্বানন্দ সিংহৰ মৈদাম, পানীতোলা বৰ নামঘৰ, অসমৰ প্ৰথমখন চাহ বাগান চাবুৱা চাহ বাগিচাকে ধৰি অলেখ চাহ বাগিচা আছে’’ ৷
তেওঁ আৰু কয়, ‘‘বাগিচাৰ ধুনীয়া ধুনীয়া বাংলোবোৰৰ লগতে খাৰজান গল্ফ ফিল্ড আছে ৷ এইবোৰৰ উপৰিও মৰাণ, মটক জনগোষ্ঠীয় লোক কলা কৃষ্টি, গছ তলৰ বিহু, মাদলৰ ছেৱত উঠলি উঠা ঝুমুইৰ নৃত্য সৰ্বোপৰি আছে ৷ লাইকা-দধীয়াৰ জনজাতীয় জীৱন শৈলী, ঐনিতম ইত্যাদি ৷ তাৰোপৰি আছে দিনজান সামৰিক ছাউনী, চাবুৱা এয়াৰ ফৰ্ছ ষ্টেছন, পানীতোলা দিনজান অঞ্চলত দ্বিতীয় বিশ্ব যুদ্ধত মৃত্যু হোৱা সৈনিকসকলৰ সৰু সৰু যুদ্ধ স্মাৰকসমূহ’’ ।