অসম

assam

ETV Bharat / state

ITBP উদ্যোগত বিশ্ব ধপাত বিৰোধী দিৱস - Etv Bharat

বিশ্ব ধপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে ডুমডুমাত ITBPৰ উদ্যোগত সজাগতা সমদল । কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে সমদলত ।

ডুমডুমাত বিশ্ব ধপাত বিৰোধী দিৱসৰ উপলক্ষে সজাগতা সমদল

By

Published : Jun 26, 2019, 10:04 PM IST

ডুমডুমা, ২৬ জুন : Indo-Tibetan Border Police চমুকৈ ITBPৰ উদ্যোগত বুধবাৰে ডুমডুমাত বিশ্ব ধপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি এক সজাগতা সমদল উলিওৱা হয় । ডুমডুমা মহাবিদ্যালয় আৰু কেইবাখনো বিদ্যালয়ৰ NCC, NSS ৰ সদস্য আৰু ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

ডুমডুমাত বিশ্ব ধপাত বিৰোধী দিৱসৰ উপলক্ষে সজাগতা সমদল

ডুমডুমা মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা সজাগতা সমদল ৰূপাই চাইডিংস্থিত ITBP বাহিনীৰ চাৱনিত অন্ত পৰে । ITBP বাহিনীৰ বিষয়াই ছাত্ৰ-ছাত্ৰীসকলক ধপাত জাতীয় সামগ্ৰীৰ পৰা হ'ব পৰা ভয়াবহতাৰ বিষয়ে অৱগত কৰে ।

ABOUT THE AUTHOR

...view details