তিনিচুকীয়া, 25 অক্টোবৰ : বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ উদ্যোগত তথা অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানৰ সহযোগত 24 অক্টোবৰৰ পৰা দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ হাপজান গাঁৱৰ পুৰণি বিহুখোলাত বিশ্ব হলৌ দিৱস উদযাপন কৰা হয় ৷ দিৱসৰ প্ৰথম দিনটোত পুৱা হলৌ পৰিদৰ্শন কৰি বাৰেকুৰি পৰিৱেশ উন্নয়ন সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি দিপ্লৱ চুতীয়াই আৰু অলপতে অকাল মৃত্যুক সাৱটি লোৱা কলীয়া নামৰ হলৌটোৰ স্মৰণত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কলীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণে ৷
তদুপৰি গাঁৱত ভকত আৰু আইসকলে কলীয়াৰ সোঁৱৰণত এক মাংগলিক অনুষ্ঠান সম্পন্ন কৰে ৷ ইয়াৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, কুইজ, কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ইফালে দিৱসৰ দ্বিতীয় দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে পুৱা বাৰেকুৰি আঞ্চলিক যুৱ সংঘ কাৰ্য়ালয়ৰ চৌহদৰ পৰা দীঘলসাঁকো বিহুখোলালৈ এক সজাগতামূলক সমদল বাহিৰ কৰা হয় ৷ শোভাযাত্ৰাত অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ৷