অসম

assam

ETV Bharat / state

World Environment Day: তিনিচুকীয়াতো বিশ্ব পৰিৱেশ দিৱস পালন - তিনিচুকীয়াতো বিশ্ব পৰিৱেশ দিৱস পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস । বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত ৰাইজৰ বাবে উদ্বোধন কৰা হয় মৰুৎ নন্দন কানন উদ্যানখন ।

World Environment Day observed in Tinsukia
তিনিচুকীয়াতো বিশ্ব পৰিৱেশ দিৱস পালন

By

Published : Jun 5, 2023, 10:32 PM IST

তিনিচুকীয়াতো বিশ্ব পৰিৱেশ দিৱস পালন

তিনিচুকীয়া, ৫জুন: বিভিন্ন কাৰ্যসূচীৰে আজি তিনিচুকীয়া জিলাত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । তিনিচুকীয়াৰ ন-পুখুৰী পাৰ্ক অৰ্থাৎ মৰুৎ নন্দন কাননত তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হয় (World Environment Day observed in Tinsukia) । বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি পুনঃনিৰ্মিত ন-পুখুৰী পাৰ্ক "মৰুৎ নন্দন কানন" উদ্যানখন ৰাইজৰ বাবে উদ্বোধন কৰে অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে (Minister Sanjay Kishan) ।

শুভ উদ্বোধনৰ সময়ত তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পাল, জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ কৈৰী, তিনিচুকীয়া পৌৰসভাৰ সভাপতি পৱিত্ৰ গগৈ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সভাপতি কাজল গোহাঁই প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে (World Environment Day) ।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২১-২২ আৰু অমৰুৎ ২.০ ৰ আচঁনিৰ পুঁজিৰে এই ন-পুখুৰী মৰুৎ নন্দন কাননৰ পুনৰ নিৰ্মাণৰ কাম সম্পাদন কৰা হৈছে । ইয়াৰ পাছতে শ্ৰমমন্ত্ৰী আৰু জিলাৰ আয়ুক্তৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে উদ্যানখনত গছ পুলি ৰোপন কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে আয়োজিত সভাত আদৰণি ভাষণ আগবঢ়াই তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে সকলোকে চৌপাশৰ পৰিবেশৰ প্ৰতি সংবেদনশীল হবলৈ আহ্বান জনায় ।

প্ৰাকৃতিক পৰিবেশ সংৰক্ষণৰ বাবে তথা বৰ্ধিত পৰিৱেশ প্ৰদুষণ ৰোধ কৰিবৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়েই বৃক্ষ ৰোপন এক অভ্যাস হিচাপে গঢ়ি তুলিব লাগিব বুলিও উপায়ুক্তগৰাকীয়ে মন্তব্য আগবঢ়ায় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে সমাজৰ প্ৰতিগৰাকী নাগৰিকেই প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণৰ বাবে সচেতন হ'ব লাগিব বুলি মন্তব্য আগবঢ়ায় ।

নৱ-প্ৰজন্মকো প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি দায়িত্বশীল কৰি গঢ়ি তুলিবলৈ আহ্বান জনায় । গোলকীয় উষ্ণতা বৃদ্ধি অতিশয় চিন্তাজনক বুলি উল্লেখ কৰি ব্যাপক হাৰত বৃক্ষ ৰোপনৰ জৰিয়তে এক সেউজীয়া বাতাবৰণ গঢ়ি তুলিবলৈ সমাজৰ সকলোকে আহ্বান জনায় । আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত ন-পুখুৰী মৰুৎ নন্দন কাননত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুটা শাখাত চিত্ৰংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।

আনহাতে, উক্ত অনুষ্ঠানতে প্ৰয়াস সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা প্লাষ্টিক প্ৰদূষণ আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত এখনি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয় । উল্লেখযোগ্য যে, বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে মাৰ্ঘেৰিটা, ডিগবৈ, শদিয়া, ডুমডুমা, মাকুম তথা তিনিচুকীয়াৰ থানা চাৰিআলিত পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত, সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত "প্লাষ্টিক এৰোঁ পৃথিৱী গঢ়োঁ" শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক:Madhabdev 535 birth anniversary: বিহপুৰীয়াত মাধবদেৱৰ জন্মজয়ন্তীত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

ABOUT THE AUTHOR

...view details