তিনিচুকীয়া, ২৩ ডিচেম্বৰ: দেশজুৰি ১৯ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে সু শাসন সপ্তাহ (Good Governance Week) ৷ সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো অনুষ্ঠিত হৈছে সুশাসন সপ্তাহৰ কাৰ্যসূচী ৷ তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সু শাসন সপ্তাহৰ উদযাপন সন্দৰ্ভত এখনি কৰ্মশালাৰ অনুষ্ঠিত হৈ যায় (Good Governance Week)। উক্ত কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া হেমন্ত নাৰ্জাৰী । অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত এই কৰ্মশালাত আদৰণি ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত নৰসিং পৱাৰে (DC of Tinsukia Narsing pawar)।
জিলা উপায়ুক্তগৰাকীয়ে সুশাসন সপ্তাহৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে জিলাখনত এই কাৰ্যসূচী সফলতাৰে পালন কৰিবৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে ((Good Governance Week 2022)। সুশাসন সপ্তাহ উপলক্ষে জিলা প্ৰশাসনৰ প্ৰতিগৰাকী উচ্চপদস্থ বিষয়াই গ্ৰামাঞ্চলত উপস্থিত হৈ অঞ্চলটোত বিভিন্ন চৰকাৰী আঁচনিৰ ৰূপায়ন সন্দৰ্ভত বুজ ল'ব আৰু অন্যান্য বিভিন্ন চৰকাৰী আচঁনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰিব বুলি কয় জিলা উপায়ুক্তগৰাকীয়ে (Tinsukia district commissioner Narsing Pawar)।
সু-শাসন সপ্তাহত বিষয়াসকলে গ্ৰামাঞ্চলৰ ৰাইজে সচৰাচৰ সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰাজিৰ বুজলৈ সেই সমস্যাসমূহৰ সমাধানৰ বাবে যাৱতীয় পদক্ষেপ হাতত ল'ব বুলিও জিলা উপায়ুক্তগৰাকীয়ে ভাষণত উল্লেখ কৰে (Workshop on Good Governance Week in Tinsukia)। শুকুৰবাৰে অনুষ্ঠিত কৰ্মশালাত জিলা সমাজ কল্যাণ বিভাগে মহিলা আৰু শিশুৰ সুৰক্ষা তথা লিংগ ভিত্তিক হিংসা প্ৰতিৰোধৰ বাবে সমগ্ৰ জিলাতে গ্ৰহণ কৰা সজাগতামূলক পদক্ষেপ সম্পৰ্কীয় এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।