অসম

assam

ETV Bharat / state

BJP Meeting in Tinsukia : ধলাত বিজেপিৰ বৃহৎ কৰ্মী সভা, নৱেম্বৰত তিনিচুকীয়াত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক

শদিয়া সমষ্টিৰ ধলাত বিজেপিৰ বৃহৎ কৰ্মী সভা ৷ উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ নৱেম্বৰ মাহত তিনিচুকীয়াত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক ৷

Workers Meeting of BJP at Dhola in Tinsukia
ধলাত বিজেপিৰ বৃহৎ কৰ্মী সভাত উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 4:32 PM IST

ধলাত বিজেপিৰ বৃহৎ কৰ্মী সভা

তিনিচুকীয়া, 8 নৱেম্বৰ : 2024ৰ লোকসভা নিৰ্বাচনক লৈ ককালত টঙালি বান্ধিছে শাসকীয় দল বিজেপিয়ে ৷ দলৰ শক্তি বৃদ্ধি কৰিবলৈ দলটোৱে ৰাজ্যৰ ঠায়ে ঠায়ে কৰ্মী সভা, গণ সমাৱেশ আদিকে ধৰি বিভিন্ন সাংগঠনিক কাৰ্যসূচী অনুষ্ঠিত কৰিছে ৷

বুধবাৰে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলাৰ ছৈখোৱা মুকলি মঞ্চত ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত সমষ্টি ভিত্তিক এক বৃহৎ কৰ্মী সভা অনুষ্ঠিত কৰা হয় ৷ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই সভাখনত উপস্থিত থাকি বিজেপি দলক শক্তিশালী কৰাৰ বাবে হাত উজান দিবলৈ উপস্থিত বিশাল জনতাক আহ্বান জনাই পুনৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ আসনত বহাব লাগিব বুলি উল্লেখ কৰে ৷

তেওঁলোকে লগতে কয় যে, বিজেপিৰ প্ৰতি শদিয়াবাসীয়ে সদায়েই স্নেহ দৃষ্টি ৰাখি আহিছে ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ সুযোগ- সম্ভাৱনীয়তাক হৃদয়ংগম কৰি অতি দূৰদৰ্শিতাৰে কাম কৰি আছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখুৱাই দিয়া বাটেৰে আগুৱাই জনগণৰ পূৰ্ণ সহযোগিতাত বিজেপিয়ে সম-দৃষ্টিৰে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত শদিয়া বিধানসভাৰ সমষ্টিৰ সম-উন্নয়নৰ বাবে দায়ৱদ্ধতাৰে কাম কৰি যাব, এয়া দৃঢ় সংকল্প বুলি কয় তেওঁলোকে ৷

ইফালে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই নৱেম্বৰ মাহতে তিনিচুকীয়াত ৰাজ্যিক কেবিনেট অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰি এই কেবিনেট বৈঠকৰ সময়তে তিনিচুকীয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ পট্টা প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷ আজিৰ অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, জিলা প্ৰভাৰী ৰাতুল শৰ্মা, উপ- সভাপতি মোলেন্দ্ৰ মৰাণকে ধৰি জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :MLA Ramendra Narayan Kalita: অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ সামৰ্থ আছে অগপৰ: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ABOUT THE AUTHOR

...view details