অসম

assam

শদিয়াত দলত্যাগৰ জোঁৱাৰ বিজেপিৰ নেতা-কৰ্মীৰ

By

Published : Dec 13, 2019, 6:29 PM IST

ৰাইজৰ ৰোষত পৰাৰ ভয়ত শদিয়াত বিজেপি ত্যাগ কৰিবলৈ বাধ্য হৈছে দলটোৰ বহু নেতা-কৰ্মী,বিধায়ক বলীন চেতিয়াৰ প্ৰতিনিধি সীমান্ত মৰাণৰ লগতে বহুকেইজন পঞ্চায়ত প্ৰতিনিধিয়ে কেবৰ বিৰোধিতাৰে বিজেপি দল ত্যাগ কৰে ৷

ৰাইজৰ ৰোষত পৰাৰ ভয়ত দলত্যাগ
শদিয়াত দলত্যাগৰ জোঁৱাৰ বিজেপিৰ নেতা-কৰ্মীৰ

কাকপথাৰ,13 ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিত ৰাইজৰ ৰোষত পৰি বিজেপি ত্যাগ কৰিবলৈ বাধ্য হৈছে দলটোৰ বহু নেতা-কৰ্মী ৷সমান্তৰালকৈ মাৰ্ঘেৰিটাতো দেখা গৈছে একে প্ৰতিচ্ছবি ৷ সমষ্টি দুটাত স্থানীয় ৰাইজে কেইবাগৰাকীও বিজেপি নেতা-কৰ্মীৰ ঘৰ ঘেৰাও কৰি নেতাসকলক বাহিৰলৈ আহিবলৈ বাধ্য কৰে ৷ লগতে ৰাজপথত ৰাজহুৱাভাৱে কেবৰ বিৰোধিতা কৰিবলৈ বাধ্য কৰায় ৷ বিজেপি নেতা কেইগৰাকীয়ে দলটো ত্যাগ কৰা বুলিও ৰাইজৰ আগত ঘোষণা কৰে ৷ শদিয়াৰ বিধায়ক বলীন চেতিয়াৰ প্ৰতিনিধি সীমান্ত মৰাণৰ লগতে বহুকেইজন পঞ্চায়ত প্ৰতিনিধিয়ে কেবৰ বিৰোধিতাৰে বিজেপি দল ত্যাগ কৰে ৷ ৰাইজৰ ৰোষত পৰাৰ ভয়ত এইসকল নেতাই দল ত্যাগ কৰি ৰাইজৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰা দেখা যায় ৷ উল্লেখ্য যে, প্ৰাক্তন বিধায়ক জগদীশ ভূঞাৰ ঘৰ ঘেৰাও কৰাৰ পিছত শুকুৰবাৰে বিজেপি দল ত্যাগ কৰে ভূঞাই ৷

শদিয়াত দলত্যাগৰ জোঁৱাৰ বিজেপিৰ নেতা-কৰ্মীৰ

ABOUT THE AUTHOR

...view details