অসম

assam

ETV Bharat / state

তিনিচুকীয়াৰ তৰাণী সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি - Doomdooma Forest Regional Office

তিনিচুকীয়াৰ তৰাণী সংৰক্ষিত বনাঞ্চলত পুনৰ বনদস্যুৰ দপদপনি । বুধবাৰে দিনৰ ভাগত হোলোং গছ কাটি থকাৰ সময়তে বনকৰ্মীয়ে গুলিচালনা কৰাত কাঠফলা যন্ত্ৰচালিত কৰত এৰি পলায়ন কৰে বনদস্যু ।

Wood smuggler at Tarani reserve forest Tinsukia
তিনিচুকীয়াৰ তৰাণী সংৰক্ষিত বনাঞ্চলত কাঠৰ চোৰাং বেপাৰী দপদপনি

By

Published : Jun 11, 2021, 12:39 PM IST

ডুমডুমা, 11 জুন : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্ত (Assam-Arunachal border) অঞ্চলৰ বৃহৎ সংৰক্ষিত বনাঞ্চল যি বৰ্ষাৰণ্যক পূৰ্বৰ আমাজন হিচাপেও চিহ্নিত কৰা হৈছিল ৷ বন বিভাগৰ অধীনস্থ এই সংৰক্ষিত বনাঞ্চলত নিতৌ বন ধ্বংসকাৰ্য অব্যাহত আছে । অসমৰ একমাত্ৰ উজনি অংশতহে উপলব্ধ হোলোং কাঠৰ বেহাৰ ক্ষেত্রত অসাধু চোৰাং বেপাৰীয়ে অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

তিনিচুকীয়াৰ তৰাণী সংৰক্ষিত বনাঞ্চলত কাঠৰ চোৰাং বেপাৰী দপদপনি

বিশেষকৈ ডুমডুমা বন সংমণ্ডলিক কাৰ্যলয় (Doomdooma Forest Regional Office)ৰ অন্তৰ্গত খাটাং পানী বনাঞ্চলিক কাৰ্যলয় (Khatang Pani Forest Office)ৰ অধীনৰ চাৰিখনকৈ বনাঞ্চলৰ প্ৰায় পাঁচ হাজাৰ হেক্টৰ এলেকাৰ অধিক অংশই বৰ্তমান মুকলি পথাৰলৈ পৰ্যবসিত হৈ পৰিছে । খাটাংপানী বন আঞ্চলিকৰ অন্তৰ্গত ডাঠ অৰণ্যৰে ভৰপূৰ তৰাণী বনাঞ্চলখনো বন মাফিয়াৰ তাণ্ডৱত চকুৰ আগতে ধ্বংস হৈ পৰিছে ।

বুধবাৰে দিনৰ সময়ত নিৰ্বিঘ্নে তৰাণী সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰ ভাগত চোৰাং বেপাৰীয়ে অত্যাধুনিক মেচিনৰ সহায়ত হোলোং গছ কাটি স্বয়ংক্ৰিয় যন্ত্ৰৰ দ্বাৰা এক নিৰ্দিষ্ট জোখত গছৰ কুন্দা কাটি থকাৰ থকা সময়তেই বনকৰ্মীয়ে গুলিচালনা কৰাত চোৰাং কাঠ বেপাৰীকেইজন কাঠফলা স্বয়ংক্ৰিয় যন্ত্ৰ এৰি পলায়ন কৰে । এই সন্দৰ্ভত অতি শীঘ্ৰে বনাঞ্চল ধ্বংস যজ্ঞ ৰোধ কৰিবলৈ চৰকাৰ তথা বন বিভাগক আহ্বান জনাইছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক : খোৱাঙৰ চৰাইহাবিত বুঢ়ীদিহিং নৈ গৰাখহনীয়াই লৈছে কালৰূপ

ABOUT THE AUTHOR

...view details