অসম

assam

ETV Bharat / state

Strawberry farming in Tinsukia : ষ্ট্ৰ'বেৰী খেতিৰে স্বাৱলম্বী তিনিচুকীয়াৰ গায়ত্ৰী - Strawberry farming in Assam

তিনিচুকীয়াৰ গায়ত্ৰী দহোতীয়া গগৈয়ে ষ্ট্ৰ'বেৰী খেতিৰে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে (A Women self sufficient by strawberry farming)। প্ৰতিদিনে ষ্ট্ৰ'বেৰী বিক্ৰী কৰি যথেষ্ট উপাৰ্জন কৰিছে মহিলাগৰাকীয়ে । তেওঁক দেখি অঞ্চলটোত বহুতে আৰম্ভ কৰিছে ষ্ট'বেৰীৰ খেতি ।

Strawberry farming
ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী তিনিচুকীয়াৰ গায়ত্ৰী

By

Published : Feb 5, 2023, 6:20 PM IST

ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী তিনিচুকীয়াৰ গায়ত্ৰী

তিনিচুকীয়া, ৫ ফেব্ৰুৱাৰী : সমাজত এগৰাকী মহিলাই কি কৰিব নোৱাৰে ! ইচ্ছা আৰু আত্মবিশ্বাস থাকিলে পুৰুষৰ সমানে এগৰাকী মহিলাই সকলো কৰিব পাৰে ৷ আজিৰ মহিলাই কেৱল ঘৰৰ চাৰিবেৰৰ মাজতে আৱদ্ধ হৈ নাথাকে । তাৰেই যেন জ্বলন্ত উদাহৰণ দাঙি ধৰিলে তিনিচুকীয়াৰ গায়ত্ৰী দহোতীয়া গগৈয়ে ৷ একাগ্ৰতা আৰু মনোবলৰ বাবে গায়ত্ৰী দহোতীয়া গগৈ এতিয়া তিনিচুকীয়া জিলাত এক চৰ্চিত নাম হৈ পৰিছে ।

তিনিচুকীয়া জিলাৰ মাকুমৰ অন্তৰ্গত ডিমৰুহোলা গাঁৱৰ গায়ত্ৰী দহোতীয়া গগৈয়ে এগৰাকী গৃহিনীৰ দায়িত্ব পালন কৰাৰ লগতে বহু চাহিদাপূৰ্ণ ফল ষ্ট্ৰ'বেৰীৰ খেতিৰে স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন দাঙি ধৰিছে (Tinsukia woman is self sufficient by farming)। যাৰ বাবে এতিয়া সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈছে মহিলাগৰাকীক ।

তিনিচুকীয়া জিলা কৃষি বিভাগৰ পৰা লাভ কৰা বীজেৰে বিগত বছৰৰ পৰাই ষ্ট্ৰ'বেৰীৰ খেতি আৰম্ভ কৰিছিল মহিলাগৰাকীয়ে । সম্প্ৰতি এই খেতিৰে যথেষ্ট লাভ অৰ্জন কৰিছে গায়ত্ৰীয়ে । দিনে নিশাই কৰা কষ্ট আৰু সাধনাৰ ফল এতিয়া লাভ কৰিছে গায়ত্ৰীয়ে । বজাৰত উপলব্ধ ষ্ট্ৰবেৰীৰ তুলনাত গায়ত্ৰীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা ষ্ট্ৰ'বেৰীৰ সোৱাদেই সুকীয়া বুলি বহুতে প্ৰশংসা কৰিছে (Women become self sufficient by strawberry farming)।

এই সন্দৰ্ভত গায়ত্ৰীয়ে কয় যে সম্পূৰ্ণ থলুৱা পদ্ধতিৰে কোনো ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰাকৈয়ে কৰা এই ষ্ট্ৰবেৰীৰ এতিয়া বজাৰত যথেষ্ট সমাদৰ আছে । বজাৰত উপলব্ধ বহিৰাগত ষ্ট্ৰ'বেৰীৰ প্ৰতি কেজিৰ মূল্য ৪০০ টকাৰো অধিক যদিও গায়ত্ৰীৰ পৰা ৰাইজে ৪০০ টকাতে ক্ৰয় কৰিছে ৷ গায়ত্ৰীয়ে কৰা ষ্ট্ৰ'বেৰীৰ সোৱাদ ল'বলৈ ওচৰ-চুবুৰীয়াৰ লগতে বহু দূৰৰ পৰাও লোকে আহি ভিৰ কৰে গায়ত্ৰীৰ ঘৰত (Strawberry farming in Tinsukia)।

গায়ত্ৰীৰ আদৰ্শৰে এতিয়া চুবুৰীয়া বহুতেও ষ্ট্ৰ'বেৰীৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে । গায়ত্ৰীৰ লগতে আন চুবুৰীয়াই আশা কৰা মতে যদি চৰকাৰ তথা কৃষি বিভাগে বীজ প্ৰদান কৰাৰ লগতে গাঁৱৰ ৰাইজক ষ্ট্ৰ'বেৰী খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰে তেনেহ'লে বহুলোকে এই ফলৰ খেতিৰে স্বাৱলম্বী হ'ব পাৰিব । ইফালে অঞ্চলটোৰ বহু মহিলাৰ বাবে গায়ত্ৰী হৈ পৰিছে আদৰ্শ ৷ গায়ত্ৰীক দেখি আগুৱাই আহিছে মহিলাসমাজ । ইফালে ষ্ট্ৰ'বেৰী খেতিৰ উপৰিও ড্ৰেগন ফলৰ খেতিৰ বাবেও প্ৰস্তুতি চলাইছে গায়ত্ৰীয়ে ।

লগতে পঢ়ক :Rasleela celebration: মাজুলীৰ বনগাঁৱত ৰাসলীলাৰ প্ৰস্তুতি সম্পন্ন

ABOUT THE AUTHOR

...view details