অসম

assam

বোৱাৰী নিৰ্যাতনক লৈ ডিগবৈ কালীবাৰীত উত্তপ্ত পৰিস্থিতি

By

Published : Nov 18, 2019, 10:30 PM IST

বোৱাৰী নিৰ্যাতনক লৈ ডিগবৈ কালীবাৰীত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ কিন্তু বিয়াৰ পিছৰ পৰাই টকা বিচাৰি স্বামীৰ পৰিয়ালে অত্যাচাৰ চলোৱাত যোৱা 11 নৱেম্বৰত ডিগবৈৰ ইটাভাটাৰ মাতৃগৃহলৈ গুচি যায় ৷ আনহাতে, যোৱা নিশা পৰিয়ালৰ আত্মীয় স্বজনৰ সৈতে স্বামীগৃহত উপস্থিত হয় যদিও স্বামী দেৱজিতৰ পৰিয়ালবৰ্গই অপমান কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷

বোৱাৰী নিৰ্যাতনক লৈ ডিগবৈ কালীবাৰীত উত্তপ্ত পৰিস্থিতি

ডিগবৈ, 18ন নৱেম্বৰঃ বোৱাৰী নিৰ্যাতনক লৈ ডিগবৈ কালীবাৰীত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ বিয়াৰ মাত্ৰ এমাহৰ পিছতেই শহুৰ শাঁহুৰ লগতে স্বামী দেৱজিত শীলে শাৰিৰীক তথা মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী মহিলাগৰাকীয়ে ৷

উল্লেখ্য যে, বিগত মাহৰ 14 অক্টোৱৰত দেৱজিতৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মহিলাগৰাকী ৷ কিন্তু বিয়াৰ পিছৰ পৰাই টকা বিচাৰি স্বামীৰ পৰিয়ালে অত্যাচাৰ চলোৱাত যোৱা 11 নৱেম্বৰত ডিগবৈৰ ইটাভাটাৰ মাতৃগৃহলৈ গুচি যায় নিৰ্যাতিতা বোৱাৰীগৰাকী ৷ আনহাতে, যোৱা নিশা পৰিয়ালৰ আত্মীয় স্বজনৰ সৈতে নিৰ্যাতিতা বোৱাৰীগৰাকী স্বামীগৃহত উপস্থিত হয় যদিও স্বামী দেৱজিতৰ পৰিয়ালবৰ্গই উপস্থিত সকলো লোককে অপমান কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷

ডিগবৈ কালীবাৰীত বোৱাৰী নিৰ্যাতন

ইতিমধ্যে, শহুৰ-শাহু আৰু স্বামীৰ বিৰুদ্ধে ডিগবৈ থানাত এজাহাৰ দাখিল কৰিছে ভূক্তভোগী মহিলাগৰাকীয়ে ৷ আৰক্ষীয়ে দেৱজিতক বিচাৰি ঘৰলৈ যায় যদিও ঘৰৰ পৰা পলায়ন কৰে দেৱজিতে ৷ কিন্তু পৰৱৰ্তী সময়ত নিজেই আৰক্ষী থানত উপস্থিত হয় অভিযুক্ত দেৱজিত ৷

ABOUT THE AUTHOR

...view details