অসম

assam

ETV Bharat / state

তিনিচুকীয়াত আমছুৰ সজাগতা সভা - আমছুৰ সজাগতা সভা

শিক্ষাৰ ক্ষেত্ৰত সংখ্যালঘু মহিলা সকলক সজাগতা সভাৰ যোগেদি শিক্ষিত কৰা আৰু সংখ্যালঘু ছাত্ৰ ছাত্ৰীক জলপানিৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা অনিহাৰ বিৰুদ্ধে বিভাগক দাবী উত্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

তিনিচুকীয়াত আমছুৰ সজাগতা সভা

By

Published : Nov 4, 2019, 12:21 AM IST

শদিয়া, 3 নৱেম্বৰঃ তিনিচুকীয়াৰ চোটাহাপজানত আমছুৰ মহিলা সৱলীকৰণৰ সজাগতা সভা ৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰহাপজান আঞ্চলিক সমিতিৰ উদ্যোগত মহিলা সৱলীকৰণৰ ওপৰত এখন সজাগতা সভা সম্পন্ন হয় ৷ ১নং চোটাহাপজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত হোৱা সভাত সংখ্যালঘু লোকৰ লগতে অঞ্চলটোৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

লগতে পঢ়কঃ মালদ্বীপৰ 31 সংখ্যক বিজয় দিৱসত ভাৰতৰ সামৰিক সহায়ৰ স্মৃতি ৰোমন্ঠন

সভাৰ সিদ্ধান্ত অনুসৰি বৰহাপজান অঞ্চলত অবৈধভাবে গঢ়ি উঠা সুৰাৰ দোকান সমুহ উচ্চেদ কৰা, অঞ্চলটোৰ ৰাস্তা-ঘাট সমুহ সু-পৰিকল্পিতভাবে নিৰ্মাণ তথা মেৰামতিৰ বাবে বিভাগক হেঁচা প্ৰদান কৰা, শিক্ষাৰ ক্ষেত্ৰত সংখ্যালঘু মহিলা সকলক সজাগতা সভাৰ যোগেদি শিক্ষিত কৰা আৰু সংখ্যালঘু ছাত্ৰ ছাত্ৰীক জলপানিৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা অনিহাৰ বিৰুদ্ধে বিভাগক দাবী উত্থাপন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

তিনিচুকীয়াত আমছুৰ সজাগতা সভা

আমছুৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বৰ লগতে সংখ্যালঘুৰ বহু কেইজন জেষ্ঠ ব্যক্তি উপস্থিত থাকে৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ এনে কাৰ্যসূচীয়ে অঞ্চলটোৰ ৰাইজক যে উপকৃত কৰিব বুলি আশাবাদী স্থানীয় ৷

ABOUT THE AUTHOR

...view details