অসম

assam

মাকুমৰ গংঙ্গাবাড়ী চাহ বাগানত মহিলাৰ মৃতদেহ উদ্ধাৰ

By

Published : Jan 16, 2020, 11:06 AM IST

উদ্ধাৰ হোৱা মৃতদেহটো বাগিছাখনৰে শুকুৰমনি চুড়ী (55) নামৰ এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে বিয়লি দোকানৰ পৰা বস্তু কিনিবলৈ গৈ সন্ধানহীন হৈ আছিল শুকুৰমনি চুড়ী নামৰ মহিলাগৰাকী ।

গংঙ্গাবাড়ী চাহ বাগানত মহিলাৰ মৃতদেহ উদ্ধাৰ
গংঙ্গাবাড়ী চাহ বাগানত মহিলাৰ মৃতদেহ উদ্ধাৰ

মাকুম, 16 জানুৱাৰীঃতিনিচুকীয়া জিলাৰ মাকুম আৰক্ষী থানাৰ অন্তৰ্গত গংঙ্গাবাড়ী চাহ বাগিচাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । বুধবাৰে নিশা গংঙ্গাবাড়ী চাহ বাগিচাৰ এটা নলাত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো বাগিছাখনৰে শুকুৰমনি চুড়ী (55) নামৰ এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে ৷ মঙলবাৰে বিয়লি দোকানৰ পৰা বস্তু কিনিবলৈ গৈ সন্ধানহীন হৈ আছিল শুকুৰমনি চুড়ী নামৰ মহিলাগৰাকী । মহিলাগৰাকীৰ মৃতদেহ বুধবাৰে সন্ধিয়া বাগিচাখনৰে এটা নলাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ গংঙ্গাবাড়ী চাহ বাগিচাতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে । স্থানীয় ৰাইজে উক্ত ঘটনাটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে । ইতিমধ্যে মাকুম আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে ৷

গংঙ্গাবাড়ী চাহ বাগানত মহিলাৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details