অসম

assam

By

Published : May 29, 2021, 11:14 AM IST

ETV Bharat / state

পিতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায় ভিক্ষা এগৰাকী কণমানিৰ

তিনিচুকীয়াৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এক নং তেজী গাঁৱৰ বাসিন্দা অসম আৰক্ষীৰ গৃহৰক্ষী বিভাগত কৰ্মৰত ধীৰাজ মৰাণ ৷ কিন্তু বিগত জানুৱাৰী মাহত ব্যক্তিগৰাকী আক্ৰান্ত হয় মগজুৰ কৰ্কট ৰোগৰ উপৰিও ব্ৰেইন টিউমাৰত ৷ সম্প্ৰতি চিকিৎসকে ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে ৷ কিন্তু পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ধন ৷

With your help you can smile on Dhiraj's lips kakapathar sadiya tinsukia assam etv bharat news
আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে ধীৰাজৰ ওঁঠত...

শদিয়া,29 মে’:এটি হাঁহি-ধেমালিৰে দিন পাৰ কৰা পৰিয়াল ৷ হঠাতে এই পৰিয়ালটোৰ মাজলৈ নামি আহিল কালসন্ধ্যা ৷ কিয়নো পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী 33 বছৰীয়া ধীৰাজ মৰাণ সম্প্ৰতি জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত ৷ ঘটনাটো তিনিচুকীয়াৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত এক নং তেজী গাঁৱৰ ৷ এই গাঁৱৰেই বাসিন্দা অসম আৰক্ষীৰ গৃহৰক্ষী বিভাগত কৰ্মৰত ধীৰাজ মৰাণ ৷ কিন্তু বিগত জানুৱাৰী মাহত ব্যক্তিগৰাকী আক্ৰান্ত হয় মগজুৰ কৰ্কট ৰোগৰ উপৰিও ব্ৰেইন টিউমাৰত ৷ পিতৃ-মাতৃ, পত্নী, 9 বছৰীয়া এজনী কন্যা আৰু 6 মহীয়া এটি পুত্ৰৰে সৈতে ধীৰাজ আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৷

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে ভেটি মাটি বিক্ৰী কৰি লাভ কৰা পোৱা প্ৰায় 4 লাখ 50 হাজাৰ টকা ব্যয়ৰে 29 জানুৱাৰীত মহানগৰীস্থিত হায়াত হাস্পতালত ধীৰাজৰ ব্ৰেইন টিউমাৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰে ৷ দুৰ্ভাগ্যবশত এই অস্ত্ৰোপচাৰৰ পিছতে চিকিৎসকে ধীৰাজৰ শৰীৰত মাৰাত্মক কৰ্কট ৰোগৰ বীজাণু আৱিস্কাৰ কৰাৰ বিষয়ে পৰিয়ালৰ লোকক অৱগত কৰে ৷ অস্ত্ৰোপচাৰৰ কিছুদিন পিছতেই ধীৰাজে অসহ্য যন্ত্ৰণাত চটফটাবলৈ ধৰে ৷

আপোনাৰ এধানি সহায়ে হাঁহি বিৰিঙাব পাৰে ধীৰাজৰ ওঁঠত...

পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিব নোৱাৰি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱায় ধীৰাজক ৷ তাতো প্ৰায় 1 লাখ 80 হাজাৰ টকা ব্যয় সাপেক্ষে চিকিৎসা কৰা হয় ধীৰাজৰ ৷ ধীৰাজৰ চিকিৎসাৰ বাবদ বৰ্তমানলৈকে প্ৰায় 10 লক্ষাধিক টকা ব্যয় কৰে পৰিয়ালটোৱে ৷ সম্প্ৰতি চিকিৎসকে ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে ৷ কিন্তু পৰিয়ালটোৰ হাতত চিকিৎসাৰ বাবে মজুত নাই পৰ্যাপ্ত পৰিমাণৰ ধন ৷ ফলত অসহায় হৈ পৰিছে ধীৰাজৰ পৰিয়ালটো ৷

উপায়বিহীন পৰিয়ালটোৱে এতিয়া আৰ্থিক সহায়ৰ বাবে বাট চাইছে সদাশয় ব্যক্তিৰ লগতে চৰকাৰ তথা প্ৰশাসনৰ মুখলৈ ৷ ধীৰাজৰ কণমানি কন্যাই শয্যাগত পিতৃৰ মৰ্মবেদনা উপলব্ধি কৰি পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৷ যদি এই দুৰ্ভগীয়া পৰিয়ালটোক কোনো সদাশয় লোকে সহায়ৰ হাত আগবঢ়াবলৈ বিচাৰে, তেন্তে ধীৰাজ মৰাণৰ পত্নীৰ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ কাকপথাৰ শাখাৰ একাউণ্ট নং 3138525012, IFSC-CBIN0283221 ত নাইবা ধীৰাজৰ জ্যেষ্ঠ ভাতৃ প্ৰদীপ মৰাণৰ গুগল পে', পেটিএম নং 88383-25716 ত আৰ্থিক সাহায্য আগবঢ়াব পাৰিব ৷ আপোনাৰ এধানি বৰঙণিয়ে পৰিয়ালটোৰ ওঁঠত পুনৰ বিৰিঙাব পাৰে এধানি হাঁহি ৷

লগতে চাওকঃস্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা

ABOUT THE AUTHOR

...view details