অসম

assam

ETV Bharat / state

ৰাজ্যত পুনৰ ডাইনী নিৰ্যাতন! - তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত

তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত কৰ্দৈগুৰিৰ বিষ্ণুপুৰ গাঁৱত পুনৰ সংঘটিত হ'ল ডাইনী নিৰ্যাতন ৷ নিৰ্যাতনৰ বলি হ'ল এহাল বৃদ্ধ দম্পতি ৷

ৰাজ্যত পুনৰ সংঘটিত হ'ল ডাইনী নিৰ্যাতন

By

Published : Jul 21, 2019, 10:55 PM IST


ডুমডুমা,21 জুলাই : ৰাজ্যত এটাৰ পাছত আনটো অন্ধবিশ্বাসৰ ঘটনাই পাশৱিক ৰূপ লৈছে ৷ তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত কৰ্দৈগুৰিৰ বিষ্ণুপুৰ গাঁৱত পুনৰ সংঘটিত হ'ল ডাইনী নিৰ্যাতন ৷ কৰ্দৈগুৰিৰ বিষ্ণুপুৰ ৰোগাগ্ৰস্ত শিশু এটিক কাবেলী মৰাণ নামৰ লোকজনে ভুত লগাই দিয়া বুলি দাবী কৰি স্থানীয় লোকে কাবেলী মৰাণৰ লগতে পত্নী মাছুকী মৰাণক ডাইনীৰ সন্দেহত শনিবাৰে পুৱাৰ পৰা অমানৱীক নিৰ্যাতন চলায় ৷ এই খবৰ লাভ কৰি তিনিচুকীয়া আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই বৃহৎ আৰক্ষী দল এটা কৰ্দৈগুৰিৰ বিষ্ণুপুৰ গাৱঁলৈ প্ৰেৰণ কৰি উদ্ধাৰ কৰে নিৰ্যাতিত দম্পতিহালক ৷ বৰ্তমান দম্পতিহাল ডুমডুমা আৰক্ষী থানাৰ আশ্ৰয়ত ৷ এই সমগ্ৰ কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰাণ ছাত্ৰ সন্থাই ।

তিনিচুকীয়া জিলাত ডাইনী নিৰ্যাতনৰবলি হ'ল এহাল দম্পতি

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details