শদিয়া, 25 আগষ্ট : তিনিচুকীয়াৰ কাকপথাৰত মঙলবাৰে আৰক্ষী আৰু আবকাৰী বিভাগৰ(Exise Department) অভিযান ৷ অভিযানকালত অবৈধ অৰুণাচলী সুৰাৰ(Wine) লগতে 1000 লিটাৰ চুলাই(Heech) বনোৱা পাছ নষ্ট কৰা হয় ৷ কাকপথাৰৰ লগতে তালাপ আৰু আন কেইবাখনো ঠাইত চুলাইৰ বিৰুদ্ধে অভিযান চলাইছিল আৰক্ষী আৰু বিভাগটোৱে ৷
অৰুণাচলী সুৰাসহ চুলাই বনোৱা পাছ নষ্ট আবকাৰী বিভাগৰ বিষয়াই জানিবলৈ দিয়া মতে, বিভাগটোৱে তালাপৰ তামুলী, বেতনি, কাকপথাৰৰ চেলেংগুৰিকে ধৰি বিভিন্ন ঠাইত অভিযান অব্যাহত ৰাখিছে ৷ অধিক তথ্যৰ বাবে বিভাগে কেইবাজনো লোকক জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে ৷ অৱশ্যে তেওঁলোকে এই পৰ্যন্ত কোনো অবৈধ সুৰা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷
লগতে পঢ়ক:আৰক্ষীৰ জালত মেঘালয়ৰ পৰা বিস্ফোৰক সামগ্ৰী কঢ়িওৱা মাষ্টাৰমাইণ্ড হাছিম আলী
সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ দেশীয় সুৰা, ড্ৰাগছ, চুলাই আদিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে(Assam Police) । অভিযানৰ সময়ত আৰক্ষী, আবকাৰী বিভাগে অবৈধ দেশীয় সুৰাৰ ঘাটি উচ্ছেদ, সুৰা নষ্ট কৰিছে ঠিকেই, কিন্তু তাৰ মাজতো এই নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা চলাই নিছে একাংশই ।
সুৰা নষ্ট কৰিলেও সুৰা প্ৰস্তুতৰ সামগ্ৰী সহজলভ্য হোৱাৰ বাবে ব্যৱসায় চলাই গৈছে সুৰা ব্যৱসায়ীয়ে । ইফালে এই বেহাৰ সৈতে জড়িত দুষ্ট চক্ৰ ৰাজ্যৰ বিভিন্ন স্থানত সক্ৰিয় হৈ আছে । লালিগুড়ৰ পৰা তৈয়াৰ কৰা চুলাই সেৱন কৰি বহু লোকৰ জীৱন ধ্বংসৰ গৰাহলৈ যোৱাৰ লগতে বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অন্ধকাৰ ।
লগতে পঢ়ক:নিকাহ কৰাই গ্ৰেপ্তাৰ হ’ল এজন কাজী: কিন্তু কিয় ?