ডুমডুমা,21 এপ্ৰিলঃ ডুমডুমাৰ পেঙেৰীত বনৰীয়া হাতীয়ে বিস্তৰ ক্ষতি সাধন কৰে ৰাইজৰ ৷ ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ড ভণ্ড কৰে বনৰীয়া হাতীয়ে ৷
পেঙেৰীত বনৰীয়া হাতীৰ তাণ্ডৱ,লণ্ড-ভণ্ড বহুলোকৰ ঘৰ - বনৰীয়া হাতী
ডুমডুমাৰ পেঙেৰীত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ দোকানৰ বয় বস্তু লণ্ড -ভণ্ড কৰাৰ উপৰিও কেইবাটাও বাসগৃহ ভাঙি পেলায় বনৰীয়া হাতীয়ে ৷
তিনিচুকীয়া জিলাৰ ডুমডুমাৰ পেঙেৰীত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ তাণ্ডৱ ৷ মঙলবাৰে পুৱতি নিশা পেঙেৰী চাৰিআলিস্থিত শৈলেশ নায়ক নামৰ ব্যৱসায়ী এজনৰ গেলামালৰ দোকান ভাঙি কেইবা বস্তা চাউল খোৱাৰ লগতে বহু অনিষ্ট সাধন কৰে । হাতীৰ জাকটোৱে শৈলেশ নায়কৰ দোকানৰ কাষতে থকা সুমিত দাস নামৰ আন এজন লোকৰ পান দোকান এখনো অনিষ্ট কৰে ৷ অন্যহাতে,হাতীৰ জাকটোৱে বিজু ফুকন আৰু গঙ্গা পানিকা নামৰ লোক কেইজনৰ বাসগৃহ ভঙাৰ উপৰিও বাৰীৰ গছ-গছনি বহু অনিষ্ট কৰি থৈ যায়। উল্লেখ্য যে,তৰাণি,নলনি,ইনথেম,উলুপ আদি বনাঞ্চল সমূহত এচাম চোৰাং কাঠ ব্যৱসায়ীয়ে বনাঞ্চল সমুহ ধ্বংস কৰাৰ বাবেই বনৰীয়া হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বুলি অভিযোগ কৰিছে । আনহাতে খাটাংপানী বন বিষয়া হীৰেন মেদকৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে বুঢ়ী দিহিং আৰু তৰাণি বনাঞ্চলৰ পৰা দুখন বাইকসহ এটা গছ কটা যন্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।