তিনিচুকীয়া, ৪ এপ্ৰিল :বিগত প্ৰায় ৩ মাহে সন্ধান নাই কয়লা খনিৰ শ্ৰমিক প্ৰাঞ্জল মৰাণৰ (Pranjal Moran missing case)। তিনিচুকীয়া জিলাৰ লিডুৰ কয়লা খনিত কাম কৰিবলৈ গৈ ১২ জানুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছে মাকুম শুকানি গাঁৱৰ প্ৰাঞ্জল মৰাণ । ইতিমধ্যে এই সন্দৰ্ভত সংবাদ মাধ্যমত বিস্তৃতভাৱে বাতৰি প্ৰকাশ পাইছে । প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে সংবাদ শিৰোনামো দখল কৰিছে । স্বামীৰ সন্ধানত অনাই বনাই ঘূৰি ফুৰা উৰ্বশী মৰাণে এইবাৰ সত্ৰত উপস্থিত হৈছে ।
ন্যায়ৰ আশাত উৰ্বশী মৰাণে সোমবাৰে তিনিচুকীয়া জিলাৰ মাকুমৰ লগতে ওবন গাঁৱৰ শ্ৰীশ্ৰী মায়ামৰা টিপুক সত্ৰ তথা আন কেইবাখনো সত্ৰত সেৱা লয় । মৰাণ জনগোষ্ঠীৰ লোক হিচাপে সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত তামোল-পাণৰ টোপোলা আগবঢ়াই উৰ্বশী মৰাণে সেৱা লয় । লিডুৰ কয়লাখনিত নিৰুদ্দিষ্ট হৈ থকা প্ৰাঞ্জল মৰাণৰ ঘটনাৰ তদন্ত সুকলমে আগবঢ়াৰ মানসেৰে জিলাখনত থকা সত্ৰসমূহত সেৱা আগবঢ়োৱা বুলি জানিবলৈ দিয়ে পত্নী উৰ্বশী মৰাণে (Pranjal Morans wife pray in Satra)।
উল্লেখ্য যে, লিডুৰ কয়লা খনিত কাম কৰিবলৈ যোৱাৰে পৰা নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ বাবে ন্যায় বিচাৰি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকো সাক্ষাৎ কৰিছে উৰ্বশী মৰাণে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশত ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে (Pranjal Moran missing case)৷