অসম

assam

Pranjal Moran Missing case: লিডুৰ কয়লাখনিত সন্ধানহীন প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত প্ৰতিবাদত বহিল পত্নী

By

Published : Mar 3, 2023, 10:57 PM IST

লিডুৰ কয়লাখনিত সন্ধানহীন প্ৰাঞ্জল মৰাণৰ আজিলৈকে নোলাল কোনো খবৰ ৷ স্বামীৰ সন্ধান বিচাৰি অৱশেষত প্ৰতিবাদত বহিল প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্ৱশী মৰাণ ৷ সবিশেষ আগলৈ-

disappearance of Pranjal Moran
প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত প্ৰতিবাদত বহিল পত্নী

প্ৰাঞ্জল মৰাণৰ ঘটনা সন্দৰ্ভত প্ৰতিবাদত বহিল পত্নী

তিনিচুকীয়া, ৩ মাৰ্চ: আজিও সন্ধান নাই মাকুম শুকানী গাঁৱৰ প্ৰাঞ্জল মৰাণৰ ৷ লিডুৰ কয়লা পাহাৰত ১২ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হোৱা প্ৰাঞ্জল মৰাণৰ (Pranjal Moran incident in ledu) উদ্ধাৰৰ দাবীত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সহযোগত পত্নীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ সন্ধান (Pranjal Moran disappearance incident of January), প্ৰাঞ্জল মৰাণৰ পৰিয়ালক ন্যায় প্ৰদানৰ লগতে অবৈধ কয়লা খনন বন্ধৰ দাবীত তিনিচুকীয়া জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সাব্যস্ত কৰে এই প্ৰতিবাদ ।

প্ৰতিবাদস্থলীৰ পৰা নিৰুদ্দেশ প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্ৱশী মৰাণে আজি পৰ্যন্ত প্ৰতিবাদত সহযোগিতা আগবঢ়াই থকা প্ৰতিটো সংগঠনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ইমান দিনে বিভিন্ন দল সংগঠনে আন্দোলন কৰি অহাৰ পাছতো আজি পৰ্যন্ত কোনো সমাধান নোলোৱাটো দুখৰ কথা ৷ এই সন্দৰ্ভত উৰ্ৱশী মৰাণে কয় যে, "মোৰ স্বামী প্ৰাঞ্জল মৰাণ জীৱিত নে মৃত সেয়া জিলা প্ৰশাসনে আজি পৰ্যন্ত স্পষ্ট নকৰিলে ৷ যদি জীৱিত তেন্তে ঘূৰাই দিয়ক আৰু যদি মৃত তেন্তে মৃতদেহ উলিয়াই দিয়ক ৷ অন্যথা মোৰ সন্তানক মই ভৱিষ্যতে পিতৃৰ বিষয়ে কি বুলি ক’ম ৷ লগতে মই ৪ ফেব্ৰুৱাৰীত লিডু আৰক্ষী থানাত দাখিল কৰা এজাহাৰত সন্নিৱিষ্ট নামৰ লোকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰক আৰু উচিত তদন্ত কৰক" ৷

ইফালে, শেহতীয়াকৈ জিলা প্ৰশাসনৰ সৈতে মিলিত হোৱা বৈঠকত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী গৃহ, সুলভ মূল্যৰ চাউল, অৰুণোদয় আঁচনিকে ধৰি যিকেইটা সুবিধা দিয়াৰ কথা আগবঢ়াই তাত সন্তুষ্ট নহয় বুলি জনাই প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্ৱশী মৰাণে ৷ সমান্তৰালভাৱে আৰক্ষী অধীক্ষক গৰাকীয়ে দিয়া সমাধানৰ সূত্ৰটোত সন্তুষ্ট নহয় বুলিও অৱগত কৰে পত্নীয়ে ৷

প্ৰতিবাদস্থলীৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বই আজিলৈকে প্ৰাঞ্জল মৰাণৰ কোনো সন্ধান দিব নোৱাৰাৰ বাবে জিলা প্ৰশাসনক তীব্ৰ সমালোচনা কৰে ৷ লগতে যেতিয়ালৈকে প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ নহয় লগতে প্ৰাঞ্জল মৰাণৰ পৰিয়ালে উচিত ন্যায় নাপায় তেতিয়ালৈকে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি সকলো দল সংগঠনে প্ৰতিবাদী কাৰ্য অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক :Ajit Chetia murder case: ডকাইতে হত্যা কৰিছিল অজিত চেতিয়াক; জালত পৰিল চাৰি হত্যাকাৰী

ABOUT THE AUTHOR

...view details