তিনিচুকীয়া, 29 মে’: তিনিচুকীয়াত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ হত্যা হোৱা মৃত ব্যক্তি সোঁ-শৰীৰে ঘৰলৈ ওভতি আহিছে ৷ এইয়া কোনো অলৌকিক ঘটনা নহয় ৷ এই আশ্বৰ্যজনক ঘটনা সংঘটিত হৈছে তিনিচুকীয়া জিলাত ৷
ঘটনা অনুসৰি চলিত মাহৰ ৪ মে'ত তিনিচুকীয়া হাপজান অঞ্চলৰ পৰা সন্ধানহীন হৈছিল তৰুণ ভূমিজ নামৰ এজন চাহ জনজাতিৰ লোক । তাৰ পিছতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তৰুণ ভূমিজৰ পৰিয়ালৰ লোকে তৰুণ ভূমিজ সন্ধানহীন হোৱাৰ গোচৰ তৰিছিল তিনিচুকীয়া আৰক্ষী থানাত ।
ইপিনে ঘটনা সংঘটিত হোৱাৰ পাছ দিনাই তৰুণ ভূমিজৰ ঘৰৰ কিছু দূৰত এটি মৃতদেহ উদ্ধাৰ হয় ৷ তাৰ পিছতে মৃতদেহটো তৰুণ ভূমিজৰ হয় বুলি তৰুণ ভূমিজৰ ভাতৃ কালিচৰন ভূমিজ আৰু পৰিয়াল বৰ্গই চিনাক্ত কৰিছিল । মৃতদেহটি তৰুণ ভূমিজৰ বুলি পৰিয়ালৰ লোকে শেষকৃত্য সম্পন্ন কৰি তিলনীও সম্পন্ন কৰিছিল ।
আনহাতে, সমগ্ৰ ঘটনাটো এক হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকে অভিযোগ দিয়া অনুসৰি তিনিচুকীয়া আৰক্ষীয়ে 627/2021 under section 302/34 IPC ৰ অধীনত ১৭ বছৰৰ কিশোৰৰ পৰা ৬৫ বছৰৰ বৃদ্ধ লৈকে মুঠ ৮ গৰাকী আচামীক আটক কৰি জেললৈ প্ৰেৰণ কৰে ।