অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় সংগীত গামোচাত বৈ উলিয়াইছে মাৰ্ঘেৰিটাৰ এজন যুৱকে - national anthem

খুবেই আৰ্থিকভাৱে পিছ পৰা দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজন হৈছে ডিগবৈ পানবাৰী গাৱঁৰ তৰুণ গগৈ ।

ৰাষ্ট্ৰীয় সংগীত গামোচাত বৈ উলিয়াইছে মাৰ্ঘেৰিটাৰ এজন যুৱকে

By

Published : Jul 2, 2019, 11:30 AM IST

Updated : Jul 2, 2019, 12:21 PM IST

মাৰ্ঘেৰিটা,২ জুলাই :শিপিনী সকলক স্বাৱলম্বিতাৰ এক সুন্দৰ পথ নিদর্শন ডিগবৈৰ এজন উঠি অহা যুৱক। আৰ্থিক ভাৱে পিছ পৰা দৰিদ্ৰ পৰিয়ালৰ এই যুৱকজন হৈছে ডিগবৈ পানবাৰী গাৱঁৰ তৰুণ গগৈ।

ৰাষ্ট্ৰীয় সংগীত গামোচাত বৈ উলিয়াইছে মাৰ্ঘেৰিটাৰ এজন যুৱকে
তৰুণে সৰুৰে পৰা নিজৰ ঘৰতে হাতেৰে তাঁত শালত বিভিন্ন ধৰণৰ মেখেলা চাদৰ,গামোচা,ৰুমাল,বৈ উপাৰ্জনৰ আহিলা হিচাপে ঘৰখন চলোৱাৰ লগতে নিজেও পঢ়া শুনা কৰি আহিছে। তৰুণ বৰ্তমান উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো ঘৰতে তাঁত শালত গামোচাত বৈ উলিয়াইছে তৰুণে। যুৱক জনে ৰাষ্ট্ৰীয় সংগীতৰ নাম এনেদৰে গামোচাত তুলিবলৈ কৰা প্ৰয়াসক সকলোৱে শলাগ লৈছে ৷
Last Updated : Jul 2, 2019, 12:21 PM IST

ABOUT THE AUTHOR

...view details