অসম

assam

By

Published : Dec 11, 2020, 11:16 AM IST

ETV Bharat / state

ডুমডুমাৰ ৰূপাই হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ বাবে ৱাচ ব্যৱস্থাৰ মুকলি

বৃহস্পতিবাৰে ডুমডুমাৰ ৰূপাই হাইস্কুল চৌহদত নিৰ্মাণ কৰা ৱাটাৰ এণ্ড চেনিটাইজেশ্যন হাইজিন চমুকৈ ৱাচ নামৰ ব্যৱস্থাৰ মুকলি ৷ ৰ’টাৰী ইণ্টাৰনেশ্যনেলে আগবঢ়োৱা গ্ল’বেল গ্ৰাণ্টৰ ধনেৰে নিৰ্মাণ কৰা হয় এই ব্যৱস্থাটোৰ ৷

wash system inaugurated by rotary club
ডুমডুমাৰ ৰূপাই হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ বাবে ৱাচ ব্যৱস্থাৰ মুকলি

ডুমডুমা,11 ডিচেম্বৰ : ৰ’টাৰী ইণ্টাৰনেশ্যনেলে আগবঢ়োৱা গ্ল’বেল গ্ৰাণ্টৰ ধনেৰে ডুমডুমাৰ ৰূপাই হাইস্কুল চৌহদত নিৰ্মাণ কৰা ৱাটাৰ এণ্ড চেনিটাইজেশ্যন হাইজিন চমুকৈ ৱাচ নামৰ ব্যৱস্থাটো বৃহস্পতিবাৰে মুকলি কৰা হয় ৷ এই ব্যৱস্থাটো উন্মোচন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি কৰি দিয়ে ৰূপাই হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি ড৹ বুলু তাঁতীয়ে ৷

ডুমডুমাৰ ৰূপাই হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ বাবে ৱাচ ব্যৱস্থাৰ মুকলি

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে সততে চাবোন আৰু পানীৰে হাত ধুই হাত পৰিস্কাৰ কৰিব পাৰে আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে সকলো ব্যৱস্থা আৰু প্ৰয়োজনীয় সকলো সামগ্ৰী বিদ্যালয় কৰ্তৃপক্ষক ক্লাৱটোৰ তৰফৰ পৰা প্ৰদান কৰা হয় ।

এই অনুষ্ঠানটোত উপস্থিত থাকে ডুমডুমা ৰ’টাৰী ক্লাৱৰ সদস্যসকলৰ লগতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য আৰু বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল ৷

লগতে পঢ়ক :ডিব্ৰুগড়ত বাধাগ্ৰস্ত লোকৰ বাবে স্ক্ৰীণিং শিবিৰৰ আয়োজন

ABOUT THE AUTHOR

...view details