অসম

assam

ETV Bharat / state

তালাপত 30 টাৰো অধিক শগুণৰ অকাল মৃত্যু

মঙলবাৰে তালাপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ধূলিজান-বৰগড়া খেতিপথাৰত সৰ্বমুঠ 47 টা মৃত শগুণ উদ্ধাৰ বন বিভাগৰ ৷ পথাৰত মৰি থকা এটা গৰু ভক্ষণ কৰি শগুনকেইটা মৃত্যুমুখত পৰাৰ সন্দেহ ৷

vulture death
শগুণৰ মৃত্যু

By

Published : Jan 19, 2021, 10:09 PM IST

শদিয়া,19 জানুৱাৰী : তিনিচুকীয়া জিলাৰ তালাপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ধূলিজান-বৰগড়া খেতিপথাৰত মঙলবাৰে মৃত গৰু ভক্ষণ কৰি মৃত্যুমুখত পৰে 30 টাতকৈও অধিক শগুণ ৷

শগুনৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাই অহাৰ সময়তে শগুনৰ অকাল মৃত্যু এক চিন্তনীয় বিষয় হৈ পৰিছে । তালাপ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ শইকীয়াই এই খবৰ লাভ কৰাৰ পাচতেই গুইজানৰ ম’বাইল ভেটেনাৰী চাৰ্ভিছ ইনষ্টাৰনেশ্বন বিভাগৰ চিকিৎসকৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় বন বিষয়া গৰাকী ৷

শগুণৰ মৃত্যু

পথাৰত মৰি থকা এটা গৰু ভক্ষণ কৰিয়েই শগুনকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । মৃত গৰুটোৰ গাত হয়তো কোনো দুষ্ট চক্ৰই বিহ ঢালি নাইবা সাম্প্ৰতিক সময়ত গৰুৰ দেহত দেখা দিয়া বিভিন্ন ৰোগৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা ঔষধ প্ৰয়োগ কৰা গৰু ভক্ষণৰ বাবেও শগুনৰ মৃত্যু হোৱা বুলি চিকিৎসকে সন্দেহ প্ৰকাশ কৰিছে ৷

বৰ্তমানলৈকে সৰ্বমুঠ 47 টা মৃত শগুণ উদ্ধাৰ কৰিছে বন বিভাগৰ লোকে । শগুনৰ এনেধৰণৰ অস্বাভাৱিক মৃত্যুত যুৱ সংঘই শোক প্ৰকাশ কৰাৰ লগতে দোষী ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক :প্ৰকাশ পালে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা

ABOUT THE AUTHOR

...view details