তিনিচুকীয়া, ২৬ জানুৱাৰী:সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো বুধবাৰে তিনিচুকীয়া নির্বাচনী জিলাৰ উদ্যোগত ত্ৰয়োদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় (National Voters Day at Tinsukia)। এই উপলক্ষে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত সভাপতিত্ব কৰে উপায়ুক্ত নৰসিং পৱাৰে । নিৰ্বাচনী বিষয়া কংকনজ্যোতি শইকীয়াই আঁতধৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ সভাত আদৰণি ভাষণ আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতীয়ে । আদৰণি ভাষণত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে । এই বৰ্ষৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল থীম হৈছে "Nothing Like Voting I Vote For Sure"।
এই সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ ৰুদ্ৰ তাৰিয়াং আৰু মহকুমা কৃষি বিষয়া (কুঁহিয়াৰ উন্নয়ন) ৰজিত দত্ত (13th National Voters Day)। সমল ব্যক্তি ৰজিত দত্তই ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি সুস্থ গণতান্ত্ৰিক ৰাষ্ট্ৰ নিৰ্মাণত যুৱ ভোটাৰসকলে বিশেষ ভূমিকা পালন কৰিব পাৰে বুলি উল্লেখ কৰে । প্ৰতি গৰাকী যোগ্য ভোটৰে দায়িত্বসহকাৰে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰিলেহে দেশৰ গণতান্ত্ৰিক ভেটি সুদৃঢ় হ'ব বুলিও তেওঁ উল্লেখ কৰে ।
সভাখনত উপস্থিত লোকসকলে "ভাৰতৰ নাগৰিকসকলে গণতন্ত্ৰত পূৰ্ণ আস্থা ৰাখি দেশৰ গণতান্ত্ৰিক পৰম্পৰাৰ মৰ্যাদা অক্ষুন্ন ৰাখি তথা স্বতন্ত্ৰ, নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ গৰিমা অক্ষুন্ন ৰাখি,নিৰ্ভীকভাৱে,ধৰ্ম,বৰ্ণ,জাতি,সম্প্রদায়,ভাষা অথবা অন্য কোনো প্রলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ সকলো নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ শপত বাক্য পাঠ কৰে । এই সভাখনতে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ বিজয়ী দলসমূহক উপায়ুক্ত নৰসিং পৱাৰে পুৰস্কাৰ প্ৰদান কৰে (Quiz Competition at Tinsukia on National Voters Day) ।