অসম

assam

ETV Bharat / state

তিনিচুকীয়াৰ ভোটাৰৰ সুবিধাৰ্থে তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা নিৰ্বাচনী বিষয়াৰ

মঙলবাৰে তিনিচুকীয়াৰ ভোটাৰসকলৰ সুবিধাৰ্থে তিনিদিনীয়া বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ জিলা নিৰ্বাচনী বিষয়াৰ ৷ যিসকলৰ ভোটাৰ কাৰ্ডত ফটো নাই তেওঁলোকক শীঘ্ৰেই BLOৰ হাতত ফটো জমা দিবলৈ আহ্বান ৷ লগতে ভোটাৰৰ সুবিধাৰ্থে 1950, 18003453536, 03612724226 নম্বৰৰ তিনিটাকৈ বিশেষ ফোন লাইনৰ ব্যৱস্থা গ্ৰহণ ৷

By

Published : Dec 2, 2020, 7:36 AM IST

tinsukia voters helpline training
তিনিচুকীয়াৰ ভোটাৰৰ সুবিধাৰ্থে তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা নিৰ্বাচনী বিষয়াৰ

তিনিচুকীয়া,2 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ ভোটাৰসকলৰ সুবিধাৰ্থে মঙলবাৰে তিনিচুকীয়াৰ জিলা নিৰ্বাচনী বিষয়াই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন, শুধৰণি আদিৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাৱলীৰ বাবে জিলাখনৰ AERO, BLO SUPERVISOR, BLO পৰ্যায়ৰ বিষয়াসকলক লৈ তিনিদিনীয়া বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচনী বিষয়া ৰশ্মি প্ৰতাপে ।

তিনিচুকীয়াৰ ভোটাৰৰ সুবিধাৰ্থে তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা নিৰ্বাচনী বিষয়াৰ

তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই তিনিদিনীয়া প্ৰশিক্ষণৰ দ্বাৰা জিলাখনৰ ভোটাৰ ৰাইজক নাম শুধৰণি আৰু যিসকলৰ ভোটাৰ কাৰ্ডত ফটো নাই তেওঁলোকক শীঘ্ৰেই BLOৰ হাতত ফটো জমা দিবলৈ আহ্বান জনাইছে নিৰ্বাচনী বিষয়াই । ভোটাৰৰ সুবিধাৰ্থে 1950, 18003453536, 03612724226 নম্বৰৰ তিনিটাকৈ বিশেষ ফোন লাইনৰ ব্যৱস্থা কৰাৰ কথা সংবাদ মাধ্যমযোগে উল্লেখ কৰা হয় ৷

তিনিচুকীয়াৰ ভোটাৰৰ সুবিধাৰ্থে তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা নিৰ্বাচনী বিষয়াৰ

লগতে পঢ়ক :70 শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ পাণ্ডু-কামাখ্যা নৱনিৰ্মিত পথৰ

ABOUT THE AUTHOR

...view details