তিনিচুকীয়া, 21 মে': অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শপত গ্ৰহণলৈ নিয়া হৈছিল অখিল গগৈক । টানি চোঁচৰাই বিধানসভা ভিতৰলৈ লৈ যোৱা বুলি বিস্ফোৰক মন্তব্য আগবঢ়াইছিল অখিল গগৈয়ে । যিটো ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হোৱা দেখিবলৈ পোৱা গৈছে । এজন অপৰাধীৰ দৰেই টানি-আঁজুৰি বিধানসভালৈ লৈ যোৱা হৈছিল অখিল গগৈক ।
অখিল গগৈক কৰা ব্যৱহাৰৰ বিৰুদ্ধে ছাত্র নেতা ৰাহুল ছেত্ৰীৰ প্ৰতিক্ৰিয়া - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক
কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শপত গ্ৰহণলৈ নিয়া হৈছিল অখিল গগৈক ৷ অপৰাধীৰ দৰেই টানি-আঁজুৰি বিধানসভালৈ লৈ যোৱা হৈছিল বুলি অখিল গগৈৰ মন্তব্য ৷
উল্লেখযোগ্য যে, GMCHৰ পৰা অখিল গগৈক এখন চিটী বাছত উঠাই লৈ যোৱা হ’ল শপতগ্ৰহণ অনুষ্ঠানলৈ । যাৰ বাবে উক্ত ঘটনাই এক বিশেষ গুৰুত্ব লাভ কৰিছে শপতগ্ৰহণৰ দিনটোত । অসমৰ অন্যতম সংগ্ৰামী সত্তা অখিল গগৈ তথা ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক অপমান কৰাৰ পিছতে সৰৱ হৈ পৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীয়ে ।
লগতে পঢ়ক :হিৰণ্য শইকীয়াক ফোন কৰি কি ক’লে পৰেশ বৰুৱাই: ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ