ডুমডুমা, 14 মে' :কৰ'ণা ভাইৰাছৰ সমান্তৰালকৈ ৰাজ্যত বাৰিষাৰ পূৰ্বেই এতিয়া নৈ পৰীয়া ৰাইজ শংকিত হৈ পৰিছে ৷ কাৰণ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কৰৰ্দৈগুৰি অঞ্চলত প্ৰতি বছৰেই ব্ৰক্ষপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে ৷
অঞ্চলটোৰ ৰঙাজান, চুমৈজান, বাদলপথাৰ, কাইটীয়া, লংপিট, 1 নং আৰু 2 নং তামুলী গাঁৱকে আদি কৰি প্ৰায় কুৰিখনৰো অধিক গাঁও ইতিমধ্যে বান আৰু গৰা খহনীয়াই সম্পূৰ্ণভাৱে উচন কৰিছে ৷
অন্যহাতে, বৰ্তমানেও ওৰাং গাঁও, দৰ্জিজান, ঐতিহাসিক শিমলুগুৰি সত্ৰ, বৰগড়া, 1 নং কৰদৈগুৰি আৰু কেৰাণী গাঁও বৰ্তমানেও বান আৰু খহনীয়াৰ কৱলত পৰিছে । ইয়াৰে ভিতৰত 3 নং কৰদৈগুৰি গাঁও খনৰ শতকৰা 40 শতাংশই বৰ্তমান নদীৰ বুকুত বিলিন হৈ গৈছে ।
বাৰিষাৰ পূৰ্বে ব্ৰক্ষপুত্ৰৰ গৰাখহনীয়াত আতংক নৈ পৰীয়া ৰাইজ উল্লেখযোগ্য যে, প্ৰত্যেক বছৰেই বাৰিষাৰ সময়ত এই অঞ্চলৰ বান আৰু গৰা খহনীয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে যদিও এই অঞ্চলটোৰ প্ৰতি চৰকাৰৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ৷ ফলত এতিয়া বাৰিষাৰ পূৰ্বেই শংকিত হৈ পৰিছে অঞ্চলবাসী ৷
লগতে পঢ়ক : সামাজিক দূৰত্ব : দৃষ্টিহীন সকলৰ বাবে কিমানদূৰ সম্ভৱ !