তিনিচুকীয়া, 2 মে’ :যোৱা 26 এপ্ৰিলত অৰুণাচলৰ নামচাইত সংঘটিত হোৱা অপহৰণকাণ্ডত গুলী লাগি আহত হোৱা মিঠাই মাৰাণ্ডিৰ (28) মৃত্যু (Mitahi Marandi died) ৷ ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মঙলবাৰে মৃত্যু হয় মিঠাই মাৰাণ্ডিৰ ৷ ডিব্ৰুগড়ৰ দামিনি হাস্পতালত গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছিল মাৰাণ্ডি ৷ অপহৰণকাৰীৰ গাত ফ্লেচ লাইটৰ পোহৰ পেলাবলৈ চেষ্টা কৰোঁতেই মিঠাই মাৰাণ্ডিলৈ লক্ষ্য কৰি তিনিজাঁই গুলী নিক্ষেপ কৰিছিল অপহৰণকাৰীয়ে (Namsai abduction case) ৷ গুৰুতৰভাৱে আহত মাৰাণ্ডিক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল ডিব্ৰুগড়লৈ ৷
উল্লেখ্য যে, 26 এপ্ৰিলৰ সন্ধিয়া 7.30 মান বজাত নামচাই জিলাৰ চৌখামস্থিত বিজেপিৰ জিলা পৰিষদৰ সদস্য জেনিয়া নামচূমৰ মালিকানাধীন এটা পেট্ৰ’ল পাম্পত সংঘটিত হৈছিল অপহৰণৰ ঘটনা ৷ তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি নিছিল পেট্ৰ’ল পাম্পটোৰ গাণনিক দীনেশ শৰ্মাক ৷ বিহাৰৰ বাসিন্দা আছিল দীনেশ শৰ্মা (Namsai petrol pump kidnaping case) ৷
দীনেশ শৰ্মাক অপহৰণ কৰি নিয়াৰ সময়তে অপহৰণকাৰীৰ গাত ফ্লেচ লাইটৰ পোহৰ পেলাবলৈ চেষ্টা কৰিছিল মিঠাই মাৰাণ্ডিয়ে ৷ উল্লেখ্য যে, পেট্ৰ’ল পাম্পটোৰ স্বত্বাধিকাৰী জেনিয়া নামচূমৰ গাড়ী চালক আছিল মিঠাই মাৰাণ্ডি ৷