তিনিচুকীয়া, ৯ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাখনত থকা ফেক্টৰীসমূহত অৰুণাচল প্ৰদেশত উৎপাদিত কেঁচা চাহপাত প্ৰৱেশক কেন্দ্ৰ কৰি জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সমস্যা ভোগ কৰি আহিছে । অৰুণাচলত উৎপাদিত অতি নিম্নমানৰ কেঁচা চাহপাত ফেক্টৰী সমূহে কম মূল্যত ক্ৰয় কৰিছে । ফলত তিনিচুকীয়া জিলাখনত থকা ফেক্টৰীসমূহে স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা কেঁচা চাহপাতৰ উপযুক্ত মূল্য প্ৰদান নকৰে । এনে পৰিস্থিতিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত শুক্ৰবাৰে ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ উপস্থিতিত "বিশাল গণ গৰ্জন" কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ডুমডুমাত এই কাৰ্যসূচী ৰূপায়ণ কৰা নিশাই ডুমডুমাৰ সমীপৰ কাকজানত অৰুণাচলৰ কেঁচা চাহপাত ভৰ্তি দুখনকৈ বাহন ৰাইজে জব্দ কৰে ।
কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ কেঁচা চাহপাত অসমত প্ৰৱেশ বন্ধ কৰাৰ দাবীৰে শুক্ৰবাৰে ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰত বিশাল গণ গৰ্জন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল । এই কাৰ্যসূচীত তিনিচুকীয়া জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহপাত তুলা কাৰ্য বন্ধ ৰাখি ডুমডুমাত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে । তাৰ বিপৰীতে এইদৰে সময় উকলি যোৱাৰ পাছত কেঁচা চাহপাত ভৰ্তি বাহন সৰবৰাহ কৰা দেখি ৰাইজে জব্দ কৰি আৰক্ষীক গতাই দিয়ে ।