অসম

assam

কাকপথাৰত মুক্ত স্থানত পেলাই থোৱা অৱস্থাত উদ্ধাৰ পিপিই কীট

By

Published : Jun 2, 2020, 9:55 PM IST

কৰ'ণা আতংকৰ মাজতে মঙলবাৰে কাকপথাৰ খেৰজান ফিল’বাৰী পথৰ বনাঞ্চলৰ পিপিই কীট উদ্ধাৰ কৰা হয় ৷ স্বাস্থ্য বিভাগৰ এনে কাণ্ড জ্ঞানহীন কৰ্মক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বিভিন্ন দল সংগঠনে ৷

Used p p kit recoverd in tinsukia kakopathar
কাকপথাৰত মুক্ত স্থানত পেলাই থোৱা অৱস্থাত উদ্ধাৰ পিপিই কীট

শদিয়া, 2 জুন :কৰ'ণা আতংক অব্যাহত থকাৰ সময়তে মঙলবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰত পিপিই কীট উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কাকপথাৰত মুক্ত স্থানত পেলাই থোৱা অৱস্থাত উদ্ধাৰ পিপিই কীট

প্ৰাপ্ত তথ্য অনুসৰি,খেৰজান ফিল’বাৰী পথৰ বনাঞ্চলৰ কাষত উদ্ধাৰ হয় পিপিই কীটটো ৷ প্ৰত্যক্ষদৰ্শীৰ মতে,108 এম্বুলেন্সৰ পৰা বনাঞ্চলখনত পেলাই দিয়া হয় পিপিই কীটটো ৷ কৰ'ণা আতংক চলি থকাৰ সময়তে বনাঞ্চলখনত উদ্ধাৰ কৰা পিপিই কীটটো বাবে এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ পৰৱৰ্তী সময়ত কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এটি দল আহি জুই লগাই দিয়ে ব্যৱহৃত পিপিই কীটটো ৷ আনহাতে,স্বাস্থ্য বিভাগৰ এনে কাণ্ড জ্ঞানহীন কৰ্মক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ মৰান ছাত্ৰ সন্থাই ৷

কাকপথাৰত মুক্ত স্থানত পেলাই থোৱা অৱস্থাত উদ্ধাৰ পিপিই কীট

লগতে পঢ়ক : প্ৰসৱৰ পাছতে মৃত্যু চাৰিটাকৈ শিশুৰ

ABOUT THE AUTHOR

...view details